NORTHEAST NOW (Assamese)
অসম

অসম আন্দোলনৰ নিষ্ঠাৱান কৰ্মী ইন্দ্ৰকান্ত শৰ্মা গুৰুতৰভাৱে অসুস্থ

Posted by: মিণ্টু দাস May 28, 2018 8:01 pm
Assam Movement activist

ঐতিহাসিক অসম আন্দোলনৰ নিৰ্যাতিত, কাৰাবন্দী, নিষ্ঠাৱান তথা সক্ৰিয় কৰ্মী নগাঁও জিলাৰ ৰাইদঙীয়াৰ ইন্দ্ৰকান্ত শৰ্মা বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

নগাঁৱত চিকিৎসাধীন হোৱা পূৰ্বে তেওঁ প্ৰায় কেইবামাহ ধৰি গুৱাহাটীৰ ইণ্টাৰনেচনেল হস্পিতাল আৰু ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল।

উল্লেখযোগ্য যে অসম আন্দোলনৰ সময়ত অতি নিষ্ঠাৰে আন্দোলনৰ হকে কাম কৰা ইন্দ্ৰকান্ত শৰ্মাই অন্যান্য কৰ্মীৰ লগত নগাঁও সদৰ আৰক্ষী থানাত অকথ্য নিৰ্যাতন সহ্য কৰাৰ লগতে কাৰাবাসো খাতিব লগীয়া হৈছিল।

জানিব পৰা মতে ৬৫ বছৰীয়া ইন্দ্ৰকান্ত শৰ্মাই ১৯৮৩ চনৰ ৰক্তাক্ত আন্দোলনতো সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছিল।

অসম আন্দোলনৰ সক্ৰিয় কৰ্মীগৰাকী আজি দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছতো পৰিয়ালটোৰ লগতে ৰোগী গৰাকীক খবৰ ল’বলৈ কোনো নেতা-কৰ্মীৰ আহৰি নোহোৱা দেখি পৰিয়ালটোৱে দুখ প্ৰকাশ কৰিছে।