NORTHEAST NOW (Assamese)
অসম

বিটিআৰ চুক্তিক লৈ চৰকাৰক সমালোচনা : বিধানসভাত আকৌ তৰ্জন-গৰ্জন অখিল গগৈৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 17, 2025 6:40 pm

আজি এক উত্তপ্ত পৰিস্থিতিৰ মাজেৰে আৰম্ভ হয় অসম বিধানসভাৰ বাজেট অধিৱেশন। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰ মাজতে অখিল গগৈয়ে বিটিআৰ চুক্তি সম্পূৰ্ণ কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰাৰ লগে লগে সভাৰ মজিয়া উত্তপ্ত হৈ উঠে।

ৰাজ্যপালৰ ভাষণৰ সময়ত গগৈয়ে বাৰে বাৰে ২০২০ চনৰ বিটিআৰ চুক্তিক লৈ প্ৰশ্ন উত্থাপন কৰি চিঞৰি চিঞৰি কয়, “২০২০ চনত স্বাক্ষৰিত বিটিআৰ চুক্তিৰ কথা কি ক‘ব? ইয়াৰ বৰ্তমানৰ অৱস্থা উল্লেখ কৰক। বিটিআৰ চুক্তিৰ বাবে মন্ত্ৰালয় কেতিয়া কাৰ্যকৰী হ’ব? আমি এতিয়া বিটিআৰ অঞ্চলত আছো, তথাপিও এই আপোনাৰ ভাষণত চুক্তিখনৰ বিষয়ে কোনো উল্লেখ নাই। অনুগ্ৰহ কৰি কওক, ছাৰ। বডো জনগোষ্ঠীৰ সপোন পূৰ্ণ হ’ব আৰু তেওঁলোকৰ ত্যাগক  কেতিয়া সন্মান জনোৱা হ’ব?”

এই হুলস্থুলৰ মাজতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়কসকলক শিষ্টাচাৰ বজাই ৰাখিবলৈ আহ্বান জনাই সদন ডেৰ ঘণ্টাৰ বাবে স্থগিত ৰাখে।

ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত গগৈয়ে দৃঢ়তাৰে কয়, “আজি বিটিআৰ চুক্তি ১০০% ৰূপায়ণ নকৰাৰ ক্ষেত্ৰত চৰকাৰে উত্তৰ দিব লাগিব। তদুপৰি জেলত থকা এন ডি এফ বিৰ কেডাৰসকলক অতি সোনকালে মুকলি কৰি দিব লাগে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতো তেওঁলোক এতিয়াও জেলত আছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা মুকলি কৰা ধন বিটিআৰকে ধৰি ষষ্ঠ অনুসূচীৰ এলেকাত দিব লাগে।