NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত পদত ৰাজীৱ কুমাৰৰ স্থানত এইবাৰ জ্ঞানেশ কুমাৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 18, 2025 8:41 am

দেশৰ বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যকাল উকলি যোৱাৰ পিছত এইবাৰ সেই পদত নিযুক্ত হ’ল জ্ঞানেশ কুমাৰ। তেওঁ ৰাজীৱ কুমাৰৰ ঠাইত বহিল। ইয়াৰ পূৰ্বে তেওঁ কেন্দ্রীয় চৰকাৰৰ বিভিন্ন মন্ত্র্যালয়ত গুৰুত্বপূৰ্ণ পদ চম্ভালিছিল৷ অহা ১৯ ফেব্ৰুৱাৰী বুধবাৰৰ পৰা তেওঁৰ কাৰ্যকাল আৰম্ভ হ’ব।

জ্ঞানেশ কুমাৰক বাছনি সমিতিৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। কমিটীত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিৰোধী দলপতি ৰাহুল গান্ধী। এই সন্দৰ্ভত সোমবাৰেও এখন বৈঠক অনুষ্ঠিত হয়। পিছত তেওঁৰ নাম ৰাষ্ট্ৰপতিৰ ওচৰলৈ যায় আৰু তেওঁ নিযুক্ত হয়।

জ্ঞানেশ কুমাৰ ১৯৮৮ বেচৰ কেৰেলাৰ কেডাৰৰ আই এ এছ বিষয়া। তেওঁ উত্তৰ প্ৰদেশৰ বাসিন্দা। আই আই টি কানপুৰৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত বি টেক সম্পূৰ্ণ কৰি তাৰ পিছত অৰ্থনীতি বিষয়ত অধ্যয়ন কৰে। বিজনেছ ফাইনেন্স অধ্যয়ন কৰাৰ পিছত তেওঁ হাৰ্ভাৰ্ডলৈ গৈ অধ্যয়ন কৰে।

তেওঁ ২০১৯ চনৰ আগষ্ট মাহত ৩৭০ অনুচ্ছেদ সন্দৰ্ভত চৰকাৰে লোৱা সিদ্ধান্তত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ একাধিক মন্ত্ৰালয় চম্ভালিছে।

অহা ২০২৯ চনলৈকে তেওঁ এই পদত থাকিব। পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা তেওঁৰ নেতৃত্বত হ’ব বুলি অনুমান কৰা হৈছে।