NORTHEAST NOW (Assamese)
অসম

প্ৰয়াগৰ সংগমস্থলীত বিষাক্ত প্ৰদূষণ! স্নান উপযোগী নহয় মহাকুম্ভ! কেন্দ্ৰৰ প্ৰতিবেদনতে উদ্বেগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 18, 2025 2:14 pm

প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। গংগা, যমুনা আৰু অন্তঃসলিলা সৰস্বতীৰ পানীত মানুহে পবিত্ৰ ডুব দিছে। কিন্তু প্ৰয়াগৰাজৰ গংগাজল গা ধোৱাৰ উপযোগী নহয়। শেহতীয়াকৈ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ৰাষ্ট্ৰীয় পৰিৱেশ আদালত এই কথা প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ ব’ৰ্ডৰ প্ৰতিবেদন লাভ কৰাৰ পিছতে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক তলব কৰিছে। বুধবাৰে ভাৰ্চুৱেলি আদালতত হাজিৰ হৈ নিজৰ যুক্তি আগবঢ়াবলৈ কোৱা হৈছে।

প্ৰয়াগৰাজৰ গংগা নদীৰ পানীত লেতেৰা বেক্টেৰিয়া বৃদ্ধি পোৱাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে মহা কুম্ভ মেলাৰ সময়ত গংগাৰ পানীত প্ৰদূষণ বৃদ্ধি পোৱাটো যথেষ্ট চিন্তনীয়।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড প্ৰতিবেদনৰ সাৰাংশ:

৩ ফেব্ৰুৱাৰীত চিপিচিবিয়ে দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে মহাকুম্ভ মেলাৰ সময়ত গংগা পানীৰ মানদণ্ড গা ধোৱাৰ বাবে নিৰ্ধাৰিত মানদণ্ডৰ সৈতে সংগতিপূৰ্ণ নাছিল। ১২-১৩ জানুৱাৰীৰ ভিতৰত নদীৰ পানী পৰীক্ষা কৰা হৈছিল। জৈৱৰাসায়নিক অক্সিজেনৰ চাহিদা (BOD)ৰ ক্ষেত্ৰত পানী গা ধোৱাৰ বাবে সম্পূৰ্ণ অনুপযুক্ত বুলি ধৰা পৰিল। বিশেষকৈ শ্বাহী স্নান (পৱিত্ৰ স্নান) আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠানৰ বাবে গংগা পানীত মলৰ দূষণ বৃদ্ধি পাইছে, যাৰ ফলত মানুহৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট বিপদৰ সৃষ্টি হৈছে।

যদিও প্ৰয়াগৰাজৰ নলা পৰিশোধন প্লাণ্ট (STP) কাৰ্যক্ষম হৈ আছে, তথাপিও এই সময়ত বৃহৎ সংখ্যক লোকে গা ধুই থকাৰ বাবে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ পদক্ষেপ :

এই প্ৰতিবেদনৰ পিছতে ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱৰ নেতৃত্বত এন জি টিয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক সতৰ্ক কৰি দিছে। উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিষয়াসকলক ১৯ ফেব্ৰুৱাৰীত ভাৰ্চুৱেলি হাজিৰ হৈ গংগাত জল প্ৰদূষণ হ্ৰাস কৰাৰ বাবে তেওঁলোকে গ্ৰহণ কৰা পদক্ষেপৰ বিশদ ব্যাখ্যা দিবলৈ নিৰ্দেশ দিছে।

আৱৰ্জনা ব্যৱস্থাপনা আৰু পানীৰ গুণাগুণৰ তত্বাৱধান:

ইতিমধ্যে এন জি টিয়ে গংগাৰ পানীৰ গুণাগুণ আৰু প্ৰয়াগৰাজত আৱৰ্জনা ব্যৱস্থাপনা কাৰ্যকলাপৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছিল। ২০২৪ চনৰ ডিচেম্বৰ মাহত ন্যায়াধিকৰণে গংগাৰ পানীৰ গুণাগুণ অটুট ৰখাৰ বাবে আৰু ধৰ্মীয় উৎসৱৰ সময়ত অপৰিশোধিত নলা-নৰ্দমাৰ পানী নদীত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল।

সাধাৰণতে প্ৰতি ১০০ মিলিলিটাৰ পানীত সৰ্বাধিক ২৫০০ মলৰ কলিফৰ্ম বেক্টেৰিয়া বেছি ক্ষতিকাৰক বুলি গণ্য কৰা নহয়। অৱশ্যে প্ৰয়াগৰাজৰ পানীত পোৱা মলৰ কলিফৰ্মৰ সঠিক পৰিমাণ ৰাজহুৱা কৰা হোৱা নাই।