NORTHEAST NOW (Assamese)
অসম

দোতমা উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকা ভিত্তিক কৰ্মচাৰীৰ ধৰ্মঘট

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ February 7, 2022 9:21 pm
দোতমা উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকা ভিত্তিক কৰ্মচাৰীৰ ধৰ্মঘট

সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে যোৱা এক ফেব্ৰুৱাৰী ৰ পৰা ৬০ বছৰ বয়সলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰী ৰ ROP ৰ ব্যৱস্থা কৰা আদিৰ দাবীত আন্দোলন চলাই গৈছে।

কৰ্মচাৰীৰ সম কামৰ বাবে সম বেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা/যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয় ভাবে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰা, সমস্যা সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ আদি দাবীৰ সমৰ্থনত পালন কৰি আহিছে কৰ্ম বিৰতি আৰু অবস্থান ধৰ্মঘট কাৰ্যসূচী।

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দোতমা উন্নয়ন খন্ডত কৰ্মৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী সকলেও অব্যাহত ৰাখিছে কৰ্ম বিৰতি আৰু অবস্থান ধৰ্মঘট কাৰ্যসূচী।