NORTHEAST NOW (Assamese)
অসম

কি কি যে অভিযোগ নাই! একাধিক গোচৰত ডাঃ মৃদুপৱন নাথক গ্ৰেপ্তাৰ মুখ্যমন্ত্ৰী ভিজিলেন্সৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 18, 2025 4:27 pm

যোৱা ১৮ ফেব্ৰুৱাৰী মঙলবাৰে গুৱাহাটীৰ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথক মুখ্যমন্ত্ৰীৰ ভিজিলেন্স চেলে গ্ৰেপ্তাৰ কৰে।

একাধিক অপৰাধৰ গোচৰত অভিযুক্ত হৈ থকা নাথক ৰূপনগৰৰ পৰা আটক কৰা হয়।

বেহিচাপী সম্পত্তি জমা কৰাকে ধৰি কেইবাটাও গুৰুতৰ অভিযোগত নাম সাঙোৰ খাইছে ডাঃ নাথৰ। ২০২৩ চনৰ ২২ জুলাইত অসম চিকিৎসা পঞ্জীয়ন পৰিষদে তেওঁৰ চিকিৎসা অনুজ্ঞাপত্ৰ বাতিল কৰি চিকিৎসা চৰ্চা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু ইয়াৰ পিছতো তেওঁ নিয়ম উলংঘা কৰি গুৱাহাটীৰ ব্যক্তিগত স্বাস্থ্যসেৱা কেন্দ্ৰ মিডলেণ্ড হাস্পতালত কাম কৰি আছিল।

ইয়াৰ উপৰিও শেহতীয়াকৈ তেওঁৰ প্ৰথম পত্নীয়ে তেওঁৰ বিৰুদ্ধে ভঙাগড় থানাত গোচৰ তৰিছিল, য’ত তেওঁ আইনগতভাৱে বিবাহ বিচ্ছেদ নকৰাকৈয়ে দ্বিতীয় বিবাহত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

মুখ্যমন্ত্ৰী ভিজিলেন্সে পঞ্জীয়ন কৰা আন এটা গোচৰত তেওঁৰ বাসগৃহত অভিযান চলোৱা হয়, য’ত বিষয়াসকলে লাখ লাখ নগদ ধন জব্দ কৰে।

এমাহজোৰা এক তদন্তৰ অন্তত আজি কৰ্তৃপক্ষই ডাঃ নাথক জিম্মাত লয়। লগতে এই গোচৰৰ সৈতে জড়িত AS25 F8931 নম্বৰৰ এখন অ’ডি বাহন জব্দ কৰে।

ইয়াৰ পূৰ্বে মঙলদৈ আৰক্ষী থানাত (২৩২/২০২৪) ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ হৈছিল ডাঃ নাথ। সেই গোচৰৰ তদন্তত তেওঁ মঙলদৈৰ জে এছ এম নাৰ্চিং হোমৰ শ্বেয়াৰহোল্ডাৰ বুলি পোহৰলৈ আহিছিল।

তদুপৰি তেওঁৰ বিৰুদ্ধে ভঙাগড় থানাত ৩৭/১৭, ৬৮/১৮, আৰু ৪১/১৮ নম্বৰৰ গোচৰত অতিৰিক্ত তিনিটা গোচৰ ৰুজু কৰা হৈ আছে। শহুৰেকৰ চহী জাল কৰা, ভুৱা চাকৰিৰ প্ৰতিশ্ৰুতিৰ দি ধন সংগ্ৰহ কৰা, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত খেলি মেলি কৰা আদিৰ অভিযোগত ৰুজু হৈ আছে উক্ত গোচৰ কেইটা।