NORTHEAST NOW (Assamese)
Popular Stories

এপিএছচি কেলেংকাৰীত জড়িত বিজেপিৰ প্ৰাক্তন বিধায়ক! কি ব্যৱস্থা ল’ব হিমন্ত বিশ্ব চৰকাৰে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 18, 2025 4:45 pm

APSC কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। বিজেপি নেতা তথা মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে বক্ৰ পথেৰে অসম লোকসভা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ কৰাইছিল ৯ জন আত্মীয়ক। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, লীনা দাস, নিৰ্মালী দাস, ভাৰ্গৱমণি দাস, মনদীপ দাস, ড০ দেৱাশিস দাস, নৰেশ্বৰ দাস, কল্পনা দাস, থানুৰাম দাস আৰু দেৱেন্দ্ৰ দাসক বক্ৰপথেৰে চাকৰি দিছিল বিজেপি নেতা গুৰুজ্যোতি দাসে।প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি আগতীয়াকৈ প্ৰশ্নকাকত দিয়া হৈছিল গুৰুজ্যোতিৰ আত্মীয় ভাৰ্গৱমণি দাসক। কিন্তু ৰহস্যজনকভাৱে এতিয়াও তদন্তৰ আওতালৈ অহা নাই প্ৰাক্তন বিধায়কগৰাকী।

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, মঙলদৈৰ প্ৰাক্তন বিজেপি বিধায়ক গুৰুজ্যোতি দাসৰ তদানীন্তন এপিএছচিৰ অধ্যক্ষ ৰাকেশ পাল আৰু সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পৱিত্ৰ কৈবৰ্তৰ সৈতে আছিল মধুৰ সম্পৰ্ক।

বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, এই প্ৰাৰ্থীসকলক আগতীয়াকৈ দিয়া হৈছিল প্ৰশ্নকাকত। পৰীক্ষাৰ পাছত আটাইকে উত্তৰ বহী লৈ যোৱাৰ অনুমতি দিয়া হৈছিল। ঘৰত সেই উত্তৰ বহী লিখাৰ পাছত পুনৰ জমা দিছিল।

এতিয়া প্ৰশ্ন হৈছে যে, বিজেপিয়ে গুৰুজ্যোতি দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নে নাই।দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বুলি নিজকে কোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰাক্তন বিধায়কজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব আগন্তুক সময়ত লক্ষ্যনীয়।