NORTHEAST NOW (Assamese)
দেশ

বিপদে লগ এৰা নাই আদানীক! আদানীৰ বিৰুদ্ধে তদন্তত ভাৰতীয় কৰ্তৃপক্ষৰ পৰা সহায় বিচাৰিছে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 19, 2025 8:37 am

আদানী গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানী আৰু তেওঁৰ ভতিজা সাগৰ আদানীৰ বিৰুদ্ধে ছিকিউৰিটিজ জালিয়াতি আৰু ২৬৫ মিলিয়ন ডলাৰৰ উৎকোচৰ অভিযোগৰ তদন্তত ভাৰতীয় কৰ্তৃপক্ষৰ পৰা সহায় বিচাৰিছে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে।

নিউয়ৰ্কৰ এখন জিলা আদালতত এছ ই চিয়ে কয় যে গৌতম আদানী আৰু সাগৰ আদানীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু ইয়াৰ বাবে ভাৰতৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ পৰা সহায় বিচৰা হৈছে।

উল্লেখ্য গৌতম আদানী আৰু সাগৰ আদানী বৰ্তমানৰ ভাৰতত আছে। সংবাদ মাধ্যমে আদানীক এই সম্পৰ্কে উত্তৰ বিচাৰিছে যদিও এতিয়ালৈকে কোনো সহাঁৰি দিয়া নাই।

উল্লেখ্য যে যোৱা বছৰ ব্ৰুকলিনৰ ফেডাৰেল প্ৰচিকিউটৰসকলে অভিযোগনামা দাখিল কৰিছিল, য’ত আদানীয়ে ভাৰতীয় বিষয়াসকলক আদানি গ্ৰুপৰ সহযোগী কোম্পানী আদানি গ্ৰীণ এনাৰ্জীৰ উৎপাদিত বিদ্যুৎ ক্ৰয় কৰিবলৈ পতিয়ন নিয়াবলৈ উৎকোচ দিছিল আৰু তাৰ পিছত কোম্পানীটোৰ দুৰ্নীতি বিৰোধী পদ্ধতিৰ বিষয়ে আশ্বস্ত কৰা তথ্য প্ৰদান কৰি আমেৰিকাৰ বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰিছিল। অৱশ্যে আদানী গ্ৰুপে এই অভিযোগক “ভিত্তিহীন” বুলি অভিহিত কৰিছে আৰু “সকলো সম্ভাৱ্য আইনী আশ্ৰয়” গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে।