NORTHEAST NOW (Assamese)
অসম

শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি বৃন্দাৱনী বস্ত্ৰ দ্বিতীয়খন হ’ব নোৱাৰে : বৰপেটা সত্ৰৰ ঘোষণা

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস June 20, 2019 4:22 pm
index সংবাদ মেল

“মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি বৃন্দাৱনী বস্ত্ৰৰ দ্বিতীয়খন হ’ব নোৱাৰে৷” এই ঘোষণা ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ ৷ বৰপেটা সত্ৰত আজি অনুষ্ঠিত এক সংবাদমেলত এই ঘোষণা কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই।

বৰপেটা সত্ৰৰ নিত্য প্ৰসংগৰ পাছত কালি অনুষ্ঠিত হোৱা বৈঠকী সমূহৰ সিদ্ধান্তৰ কথা সংবাদ মেলত সদৰী কৰি বুঢ়াসত্ৰীয়া গৰাকীয়ে কয়-“মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিন্ত,মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ পৰিচালনা আৰু সুদক্ষ তাঁতী গোপাল তাঁতীৰ আধ্যাত্মিক শিল্প কৰ্মৰ ফচল হল বৃন্দাৱনী বস্ত্ৰ ৷ এই বৃন্দাৱনী বস্ত্ৰৰ লগত বৰপেটা সত্ৰৰ ঐতিহ্য ,পৰম্পৰা আৰু মৰ্যাদাৰ ছশ বছৰীয়া সম্পৰ্ক ৰক্ষিত হৈ আছে ৷ সেয়েহে  বৰপেটা সত্ৰই কোনো সত্ৰ বা অনুষ্ঠানক কেতিয়াও বৃন্দাৱনী বস্ত্ৰ বোৱাৰ আজ্ঞা প্ৰদান নকৰে।”

উল্লেখ্য যে, মাজুলীৰ দক্ষিণপাট সত্ৰই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিত এখন বৃন্দাৱনী বস্ত্ৰ ব’বলৈ প্ৰয়াস কৰি যাৱতীয় প্ৰস্তুতি চলোৱাত বৰপেটা সত্ৰই এনেদৰে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহা প্ৰতিভাৰ অপূৰ্ব সৃষ্টি বৃন্দাৱনী বস্ত্ৰ প্ৰাচীন অসমৰ উন্নত বয়ন শিল্পৰো বিশিষ্ট নিদৰ্শন ৷ শ্ৰীমন্ত শংকৰদেৱে গোপাল তাঁতী প্ৰমুখ্যে তাহানিৰ তাঁতীকুছি নামৰ বৰপেটাৰ তাঁতীসকলৰ সহায়-সহযোগত এই আপুৰুগীয়া বস্ত্ৰ নিৰ্মাণ কৰি উলিয়ায় ৷ এই গোপাল তাঁতীকেই পিছত মাধৱদেৱে বৰপেটা সত্ৰৰ  সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰে৷

ছয়কুৰি হাত দীঘল আৰু তিনিকুৰি হাত পুতল বৃন্দাৱনী বস্ত্ৰৰ জোখৰ আৰ্হি মতেই বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ দীঘ-প্ৰস্থ লোৱা হৈছে ৷ এই অপূৰ্ব অনন্য বৃন্দাৱনী বস্ত্ৰখন চকুৰ সন্মুখত নাথাকিলেও সত্ৰনগৰী বৰপেটাবাসীৰ লগতে মহাপুৰুষ গুৰুদুজনাৰ আদৰ্শত বিশ্বাসী লোকসকলে বস্ত্ৰখনক সেৱাৰ বস্তু হিচাপে মান্যতা দি আহিছে ৷

সংবাদমেলত বৰপেটা সত্ৰৰ সম্পাদক প্ৰভাত দাস, প্ৰাক্তন সম্পাদক মহানন্দ পাঠক,সত্ৰৰ মুখ্য পাঠক গৌতম পাঠক, মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ গৱেষক ড°বাবুল চন্দ্ৰ দাস প্ৰমুখ্যে সত্ৰ পৰিচালনা সমিতিৰ কেবাগৰাকীও সদস্য উপস্থিত থাকে।