NORTHEAST NOW (Assamese)
Popular Stories

ইউক্ৰেনত আৱদ্ধ লাহদৈগড়ৰ অলিভিয়া ৰাজমেধিৰ মাতৃৰ আহ্বান: চৰকাৰে সকলোকে নিৰাপদে অনাৰ ব্যৱস্থা কৰক

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক February 26, 2022 10:58 am
Ukrain stuck Assam girl olivia

বিগত তিনিবছৰ ধৰি ইউক্ৰেইনত চিকিৎসাশাস্ত্ৰ অধ্যয়ন কৰি থকা যোৰহাটৰ টীয়কৰ লাহদৈগড়ৰ ছাত্ৰী অলিভিয়া ৰাজমেধিৰ পৰিয়ালৰ লোকসকল সম্প্ৰতি উদ্বিগ্ন হৈ পৰিছে।

ৰাছিয়াৰ আক্ৰমণত প্ৰায় অস্থিৰ হৈ পৰা ইউক্ৰেইনত থকা ছাত্ৰী গৰাকীৰ মাতৃয়ে কয় যে ‘’বৰ্তমান যদিও যোগাযোগ হৈ আছে, ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিলে আমি অধিক শংকিত হৈ পৰিম।‘’

তেনে এক পৰিস্থিতিৰ পূৰ্বেই ভাৰতীয় শিক্ষাৰ্থীসকলক ওভোতাই আনিবলৈ কাতৰ আহ্বান জনাইছে অলিভিয়াৰ মাতৃয়ে।

ইপিনে, অলিভিয়াৰ সৈতে মাতৃয়ে যোগাযোগ কৰোতে তেওঁ আৰু তেওঁৰ সতীৰ্থসকল বৰ্তমান সুকলমে আছে বুলি জনাইছে যদিও অনতি পলমে তেওঁলোক ভাৰতলৈ অহাৰ ক্ষেত্ৰত চৰকাৰে যথোচিত ব্যৱস্থা লব’লৈ আহ্বান জনাইছে।

লগতে পঢ়ক: দেশৰক্ষাৰ পণ লৈ কীয়েভৰ ৰাজপথত নামিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি!

উল্লেখ্য যে যুদ্ধবিধস্ত ইউক্ৰেইনত থকা শিক্ষাৰ্থীসহ ভাৰতীয় নাগৰিকসকলৰ বাবে এক নতুন পৰামৰ্শ জাৰি কৰিছে কয়েভস্থিত ভাৰতীয় দূতাবাসে।

ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনৰ পৰা স্থানান্তৰিত কৰাৰ লক্ষ্যৰে চৰকাৰে ৰোমানিয়া আৰু হাংগেৰীৰ মাজেৰে পথ নিৰ্ধাৰণৰ কাম কৰি আছে বুলি দূতাবাসে জানিবলৈ দিয়ে।

দূতাবাসে লগতে ভাৰতীয় নাগৰিকসকলক ভ্ৰমণৰ সময়ত ভাৰতীয় পতাকা ছপা কৰি বাহনত লগা’বলৈও পৰামৰ্শ দিছে।

ইউক্ৰেইনত প্ৰায় ১৬,০০০ ভাৰতীয় নাগৰিক আছে আৰু ইয়াৰে অধিকাংশই শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ যুদ্ধময় ইউক্ৰেইনৰ পৰা প্ৰাণৰক্ষাৰ তাগিদাত ৪০ জন ভাৰতীয় শিক্ষাৰ্থীয়ে ৮ কিলোমিটাৰ খোজকাঢ়ি পোলেণ্ড সীমান্ত অভিমুখী হোৱাৰ খবৰ পোৱা গৈছে।

লগতে পঢ়ক: ৰুছ ভাষাৰ ছবিতো অভিনয় কৰিছিল কৌতুক অভিনেতাৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হোৱা জেলেনস্কিয়ে

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম ইউক্ৰেইনৰ লভিভ আৰু চেৰনিভটচিত ভাৰতীয় সকলৰ সহায়ৰ অৰ্থে শিবিৰ স্থাপন কৰিছে।

পোলেণ্ড অভিমুখী শিক্ষাৰ্থীসকলক সহায়ৰ বাবে বৈদেশিক মন্ত্ৰালয়ে এই শিবিৰসমূলৈ ৰাছিয়ান ভাষী বিষয়া প্ৰেৰণ কৰিছে বুলি সদৰি কৰা হৈছে।