• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰুছ ভাষাৰ ছবিতো অভিনয় কৰিছিল কৌতুক অভিনেতাৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হোৱা জেলেনস্কিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2022 8:56 am
Inside story of Ukrain President

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ আছিল এগৰাকী কৌতুক অভিনেতা। কি্ন্তু  ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ জীৱনত ৰাষ্ট্ৰপতি হোৱাৰ আঁৰত এক বৰ্ণিল অধ্যায় আছে।

ক্ষমতালৈ অহাৰ তিনিবছৰৰ ভিতৰতেই বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে জেলেনস্কি। তেওঁ দেশৰ জনতাক ৰাছিয়াৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিয়াৰ বাবে আহ্বান জনাইছে।  

জেলেনস্কিয়ে ১৭বছৰ বয়সত কমেডি প্ৰতিযোগিতাত অংশ লয়। দেশখনৰ আগশাৰীৰ প্ৰতিযোগিতাত সুযোগ লাভ কৰি বিজয়ীও হয়। তাৰ পিছতে তেওঁ গঠন কৰে এটি কমেডি দল। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত তেওঁৰ কোৱাৰ্টাৰ-৯৫ নামৰ দলটোৱে সৰ্বাধিকবাৰ বিজয়ী হৈছে।

Apply Now

লগতে পঢ়ক: ইউক্ৰেইনস্থিত ভাৰতীয়লৈ নতুন পৰামৰ্শ ভাৰতীয় দূতাবাসৰ: ‘বাহনত লগাওক ভাৰতীয় পতাকা’

জেলেনস্কিয়ে তেওঁৰ কমেডি দলটো লৈ বহুবাৰ মস্কোকে ধৰি ৰাছিয়াৰ সীমান্তৰ দেশসমূহ ভ্ৰমণ কৰে। ২০০৩চনৰ পৰা কোৱাৰ্টাৰ-৯৫য়ে ইউক্ৰেইনৰ টেলিভিশ্বন চেনেল ১+১-ৰ বাবে অনুষ্ঠান আৰম্ভ কৰে। ৰুছ আৰু ইউক্ৰইনীয় ভাষাৰ বহুকেইটা টিভি অনুষ্ঠানত জেলেনস্কিয়ে অংশ লৈছিল।

ভলোডিমিৰ জেলেনস্কিয়ে ২০০৮ চনত ‘লাভ ইন দ্য বিগ চিটি’ নামৰ চলচ্চিত্ৰত অভিনয় কৰে। পিছত এই ছবিখনৰ ছিকুৱেল নিৰ্মাণ কৰা হয়। তাতো জেলেনস্কিয়ে অভিনয় কৰে। ২০১৪চনত ছবিখনৰ তৃতীয়টো সংস্কৰণ মুকলি হয়।

জেলেনস্কিয়ে অভিনয় কৰা বিভিন্ন চলচ্চিত্ৰৰ ভিতৰত আছে ‘অ’ফিচ ৰোমান্স, প্ৰেজেন্ট ডে’, ‘এইট ফাৰ্ষ্ট ডেট’, ‘নো লাভ ইন দ্য চিটি’, ‘ইয়া, তাই, ভিন, ভোনা’ ইত্যাদি। ইয়াৰ ভিতৰত ‘এইট ফাৰ্ষ্ট ডেট’ ছবিখনে বহুত জনপ্ৰিয়তা লাভ কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে জেলেনস্কিয়ে ৰুছ ভাষাৰ ছবিত অধিক অভিনয় কৰিছিল। তেওঁৰ ইউক্ৰেইনীয় ভাষাত কৰা প্ৰথম আৰু শেষ ছবিখন হৈছে ২০১৮চনত মুক্তি পোৱা ‘আই , ইউ, হি, ছি’। ছবিখনৰ চিত্ৰনাট্য ইউক্ৰেইনীয় ভাষাত লিখা হৈছিল যদিও ছবিখনৰ ৰুছ অভিনেত্ৰী এজিয়ান গ্ৰুজিটৰ বাবে সেয়া ৰুছ ভাষালৈ অনুবাদ কৰা হয়। শ্বুটিঙৰ পিছত ছবিখন ইউক্ৰেইনীয় ভাষাত ডাবিং কৰা হয়। চলচ্চিত্ৰৰ সমান্তৰালভাৱে জেলেনস্কিয়ে দুখন টিভি ধাৰাবাহিকতো অভিনয় কৰিছিল।

২০১৮চনৰ ৩১ডিচেম্বৰত জেলেনস্কি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। ২০১৯ত তেওঁ ৪৪বছৰ বয়সত দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

লগতে পঢ়ক:ইউক্ৰেইনৰ সৈতে আলোচনাৰ বাবে বিশেষ চৰ্ত বান্ধি দিলে ৰাছিয়াই, কি সেই চৰ্ত?

ভলোডিমিৰ জেলেনস্কিৰ জন্ম হৈছিল এটি ইহুদী পৰিয়ালত। তেওঁ আছিল এগৰাকী আইনৰ ছাত্ৰ। কীয়েভ নেশ্যনেল ইক’নমিক ইউনিভাৰ্ছিটিৰ পৰা তেওঁ আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে যদিও আইনজীৱী হোৱাৰ আগ্ৰহ নাছিল জেলেনস্কিৰ।

জেলেনস্কিয়ে অভিনয় জগতত প্ৰৱেশ কৰি নিজকে এগৰাকী কৌতুক অভিনেতা হিচাপে প্ৰতিষ্ঠিত কৰে। তাৰ পিছতে তেওঁ ‘চাৰভেন্ট অপ দ্য পিউপিল’ নামৰ এটি টেলিভিশ্বন শ্ব’-ৰ জৰিয়তে দেশত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে।

২০১৪চনত ইউক্ৰেইনৰ ৰুছপন্থী ৰাষ্ট্ৰপতি ভিক্টৰ ইয়ানুক’ভিচ ক্ষমতাচ্যুত হোৱাৰ পিছৰে পৰা ক্ৰমে ৰাষ্ট্ৰপতি পদৰ বাবে জেলেনস্কিৰ যাত্ৰা আৰম্ভ হয়। কোনো ৰাজনৈতিক অভিজ্ঞতা অবিহনেই ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হৈ জেলেনস্কিয়ে বিশাল ভোটত বিজয়ী হৈছিল।

লগতে পঢ়ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ইউক্ৰেইন ত্যাগৰ লক্ষ্যৰে ৮ কিলোমিটাৰ খোজকাঢ়ি পোলেণ্ড সীমান্তলৈ ৪০ ভাৰতীয় শিক্ষাৰ্থী

জেলেনস্কি ক্ষমতালৈ অহাৰ পিছৰে পৰাই ৰাছিয়াৰ সৈতে সংঘাত আৰম্ভ হয়। ৰাছিয়াৰ অনুগামী নোহোৱা বাবে সংঘাত তীব্ৰতৰ হৈ পৰে। অৱশেষত ৰাছিয়াৰ সৈতে যুদ্ধত অৱতীৰ্ণ হোৱাটো অৱশ্যম্ভাৱী হৈ পৰে।

এতিয়া ৰাছিয়াৰ নিৰৱিচ্ছিন্ন আক্ৰমণৰ ফলত প্ৰায় বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন। দেশবাসীক জীৱনৰ আনন্দ উপভোগ কৰিবলৈ উৎসাহিত কৰা ভলোডিমিৰ জেলেনস্কিৰ নিজৰ জীৱনত আৰম্ভ হ’বলৈ গৈ আছে এক কৰুণ অধ্যায়! 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd