NORTHEAST NOW (Assamese)
Popular Stories

‘সাত দিনৰ ভিতৰত লুট কৰা মাৰণাস্ত্ৰ ঘূৰাই দিয়ক’- মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ পাছত ৰাজ্যপালৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2025 8:28 am

মণিপুৰত বলবৎ হৈছে ৰাষ্ট্ৰপতিৰ শাসন। ইফালে ৰাজ্যপাল অজয় ​​ভল্লাই লুণ্ঠন কৰা সকলো অস্ত্ৰ-শস্ত্ৰ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ ৭ দিনৰ ভিতৰত ঘূৰাই দিব লাগিব বুলিও তেওঁ কয়। তেনে নকৰিলে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই সময়ছোৱাত থানাত অবৈধ অস্ত্ৰ-শস্ত্ৰ জমা দিয়াসকলৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহব বুলিও ৰাজ্যপালগৰাকীয়ে জানিবলৈ দিয়ে।

ৰাষ্ট্ৰপতিৰ শাসনকালত মণিপুৰৰ দায়িত্ব চম্ভালি আছে ৰাজ্যপালগৰাকীয়ে। বৃহস্পতিবাৰে তেওঁ ৰাজ্যৰ সকলো সম্প্ৰদায়ক বাৰ্তা প্ৰদান কৰে। এক বিবৃতিত ৰাজ্যপালগৰাকীয়ে লিখিছে, “মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰিব লাগিব। এনে ব্যৱস্থা কৰিব লাগিব যাতে মানুহে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে। ইয়াৰ বাবে সকলো সম্প্ৰদায় আগবাঢ়ি আহিব লাগিব। শত্ৰুতা ৰাখিলে নহ’ব। শান্তি বজাই ৰাখিব লাগিব।”

ৰাজ্যপালগৰাকীয়ে আৰু কয়, “২০ মাহতকৈ অধিক সময় ধৰি মণিপুৰৰ জনসাধাৰণে অস্থিৰ পৰিস্থিতিত কটাবলগীয়া হৈছে। মানুহৰ জীৱন কঠিন হৈ পৰিছে। সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হৈছে। সকলো সম্প্ৰদায়ৰ লোকক স্বেচ্ছাই আগবাঢ়ি আহি ওচৰৰ আৰক্ষী থানাত অবৈধ অস্ত্ৰ জমা দিবলৈ অনুৰোধ জনালোঁ। আগন্তুক সাত দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰক। বৃহস্পতিবাৰৰ পৰা ৭ দিন গণনা কৰা হব। আপোনাৰ পদক্ষেপ মণিপুৰত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ হ‘ব।”