NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ কমাৰবন্ধাত ভয়ংকৰ পথ দুৰ্ঘটনা; কথমপি ৰক্ষা পৰিল বাহনৰ আৰোহী

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন September 6, 2021 6:44 am
accident golaghat

গোলাঘাটৰ কমাৰবন্ধাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ড্ৰাম্পাৰৰ খুন্দাত চুৰমাৰ হয় এখন ব্যক্তিগত বাহন।

জানিব পৰা মতে, সুৰাৰ ৰাগীত মাতাল হৈ থকা এজন ডাম্পাৰ চালকৰ অসাৱধানতৰ বাবেই সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

মৰিয়নিৰ পৰা গোলাঘাট অভিমুখে আহি থকা AS 05 AC 0311 নম্বৰৰ তীব্ৰবেগী ডাম্পাৰখনে এখন ৱেগনাৰ গাড়ীত মুখামুখিকৈ খুন্দা মাৰে। AS 03 Y 5052 নম্বৰৰ এই ৱেগ’নাৰ গাড়ীখনত চালকসহ এগৰাকী মহিলা আৰু এতি সাতমহীয়া শিশু আছিল। অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটো।

ইফালে  ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখনৰ চালক ৰঞ্জিত কৰ্মকাৰ। পিছত হেণ্ডিমেনজনক স্থানীয় ৰাইজে জেৰা কৰাত স্বীকাৰ কৰে সুৰাপান কৰি গাড়ী চলোৱাৰ কথা।

শিশুসহ আঘাতপ্ৰাপ্ত দম্পতীক গোলাঘাটৰৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।