NORTHEAST NOW (Assamese)
অসম

বোকখাতত ভ্ৰাম্যমাণ পোষণ পুনৰ্বাসন ইউনিট বাহনৰ ফ্লেগ অফ: বাল্য বিবাহ প্ৰতিৰোধৰ বাবে পদক্ষেপ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 6, 2021 7:15 am
poshon bokakhat

পোষণ মাহ উপলক্ষে বোকাখাত মহকুমা প্ৰশাসন আৰু পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত দেওবাৰে বোকাখাতৰ নাট্যমন্দিৰত পোষণ মেলা অনুষ্ঠিত হয়।

এই পোষণ মেলাৰ উদ্বোধন কৰে কৃষি মন্ত্রী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই। পোষণ মেলাত শিশু, গৰ্ভৱতী মহিলা তথা দুগ্ধ পান কৰাই থকা মহিলাৰ পৰিপুষ্টিৰ বাবে প্ৰয়োজনীয় খাদ্যসম্ভাৰ আৰু থলুৱা ঔষধি গুণযুক্ত শাক-পাচলিৰ প্ৰদৰ্শন কৰা হয়।

এই অনুষ্ঠানতে কৃষি মন্ত্ৰী অতুল বৰাই তিনিটিকৈ শিশুক আহাৰ খুউৱাৰ লগতে তিনিগৰাকী গৰ্ভৱতী মহিলাকো পঞ্চামৃত খোৱাই।

পোষণ মাহৰ লগত সংগতি ৰাখি  কৃষি মন্ত্ৰীগৰাকীয়ে পুষ্টিহীনতাত ভোগা শিশুসকলৰ চিকিৎসাৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে আৰম্ভ কৰা ভ্ৰাম্যমাণ পোষণ পুনৰ্বাসন ইউনিট বাহনৰ ফ্লেগ অফ কৰাৰ লগতে আৰু শিশু-মাতৃৰ  বিকাশৰ এখনি পুষ্টিকাও উন্মোচন কৰে।

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনৰ যিসকল গৰ্ভৱতী মহিলাৰ বেংক একাউন্ট নাই সেইসকল মহিলাৰ বেংক একাউন্ট খোলাৰো ব্যৱস্থা কৰে প্ৰশাসনে ।

ইফালে পোষণ মাহৰ লগত সংগতি ৰাখি  বোকাখাত মহকুমা প্ৰশাসনে “মোৰো মন যায়” শীৰ্ষক এক প্ৰচেষ্টাও  হাতত লৈছে। এই কাৰ্য্যসূচীৰ জৰিয়তে বাল্য বিবাহৰ প্ৰতিৰোধৰ বাবে সকলো প্ৰকাৰৰ পদক্ষেপ প্ৰশাসনে গ্ৰহণ কৰিব বুলি সদৰী কৰে ৷