NORTHEAST NOW (Assamese)
অসম

মধুৰ প্ৰতিশোধ! বিৰাট জয়েৰে ছেমি ফাইনেলত প্ৰায় নিশ্চিত ভাৰত; অসম্ভৱ সমীকৰণৰ অপেক্ষা পাকিস্তানৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 24, 2025 7:35 am

২০১৭ চনত ফাইনেলত পাকিস্তানৰ হাতত পৰাস্ত হৈছিল। অধিনায়ক হিচাপে আই চি চিৰ ট্ৰফী জয়ৰ সপোন ছিন্নভিন্ন হৈ পৰিছিল অধিনায়ক বিৰাট কোহলিৰ। ৮ বছৰৰ পাছত টিম ইণ্ডিয়াই বিৰাট কোহলীৰ দৃষ্টিনন্দন বেটিঙৰ ওপৰত নিৰ্ভৰ কৰি মধুৰ প্ৰতিশোধ ল’লে। ডুবাইত অনুষ্ঠিত একপক্ষীয় মেচত পাকিস্তানক পৰাস্ত কৰি আই চি চি চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলৰ স্থান কাৰ্যতঃ নিশ্চিত কৰে ৰোহিত বাহিনীয়ে।

পাকিস্তানে এতিয়া অসম্ভৱ সমীকৰণৰ বাবে অপেক্ষা কৰি আছে। ২৯ বছৰৰ পাছত ঘৰুৱা মাটিত আই চি চি ট্ৰফী আয়োজন কৰাৰ আনন্দ যেন ম্লান হৈ পৰিল। কিয়নো সেই আই চি চি প্ৰতিযোগিতাৰ পৰা পাকিস্তানী দল বাহিৰ হোৱাটো একপ্ৰকাৰ নিশ্চিত।

এটা সময়ত ভাৰত-পাকিস্তানৰ মেচৰ অৰ্থ আছিল শ্বাসৰুদ্ধকাৰী যুঁজ, কঠিন প্ৰত্যাহ্বান, ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতা। কিন্তু যোৱা কেইবছৰমানৰ পৰা ‘ প্ৰতিশোধৰ যুঁজৰ’ৰ মধুৰতা বহুত ম্লান হৈ পৰিছে। নহ’বইবা কিয়, যুঁজখন যে একপক্ষীয় হৈ পৰিছে। যেনেকৈ দেওবাৰে ডুবাইত ঘটিল।

মেচখনত ৪৫টা বল বাকী থকা অৱস্থাতে ৬ উইকেটত জয়লাভ কৰে ভাৰতে। বলাৰসকলে জয়ৰ ভেটি স্থাপন কৰে। ডুবাইৰ খেলপথাৰত টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ বাছি লোৱাৰ পিছত পাকিস্তানী দলটোক ভাৰতীয় বলাৰসকলে মাত্ৰ ২৪১ ৰাণত অল আউট কৰে। ছাউদ শ্বাকিলৰ ৬২, ৰিজৱানৰ ৪৬ আৰু খুছদিলৰ ৩৮ ৰানৰ বাহিৰে কোনো পাকিস্তানী বেটছমেনে বেছি ৰান কৰিবলৈ সক্ষম নহ’ল। ভাৰতীয় দলৰ হৈ কুলদীপ যাদৱ (৩-৪০) আৰু হাৰ্দিক পাণ্ডিয়াই (২-৩১) ব্যতিক্ৰমীভাৱে ভাল বলিং কৰে।

২৪২ ৰানৰ লক্ষ্য অনসৰণ কৰি নমা ভাৰতৰ ওপৰত পাকিস্তানে হেঁচা প্ৰয়োগ কৰিব পৰা যেন কেতিয়াও দেখা নগ’ল। দলীয় ৩১ ৰানত অধিনায়ক ৰোহিত শৰ্মা আউট হ’লেও ফৰ্মত থকা শুভমন গিল আৰু বিৰাট কোহলীৰ ওপৰত কোনো ধৰণৰ চাপ প্ৰয়োগ কৰিব পৰা নাছিল পাকিস্তানী বলাৰসকলে। গিল ৪৬ ৰানত আউট হোৱাৰ পিছত বিৰাটে শ্ৰেয়াছৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়ি তোলে। তেওঁলোকৰ পাৰ্টনাৰশ্বিপেই টিম ইণ্ডিয়াক প্ৰায় জয়ৰ মুখলৈ লৈ গ’ল। শ্ৰেয়াছে ৫৬ ৰান সংগ্ৰহ কৰে। আৰু কোহলীয়ে বিৰাট ইনিংছৰ একেবাৰে শেষ বলত বাউণ্ডেৰী মাৰি কেৰিয়াৰৰ ৫১ সংখ্যক শতক অৰ্জন কৰে।

এই জয়ৰ জৰিয়তে ভাৰতে দুয়োখন মেচতে জয়লাভ কৰি ৪ পইণ্ট লাভ কৰিছে। নেট ৰান ৰেট +০.৬৪৭। নিউজিলেণ্ডে এখন খেল খেলি খেলখনত জয়লাভ কৰে। তেওঁলোকৰ ২ পইণ্ট আৰু নেট ৰান ৰেট +১.২০০। এই জয়ৰ লগে লগে ভাৰতে ছেমি ফাইনেলত স্থান লাভ কৰাটো কাৰ্যতঃ নিশ্চিত হৈ পৰিছে। কোনো ডাঙৰ অঘটন নঘটিলে বাহিৰ হোৱাৰ সম্ভাৱনা কম।

আনহাতে, একেৰাহে দুখন মেচত পৰাস্ত হোৱাৰ পাছত পাকিস্তানে ছেমি ফাইনেলত প্ৰৱেশৰ সপোন কাৰ্যতঃ অসম্ভৱ। যদি পাকিস্তানে ছেমিফাইনেলত প্ৰৱেশ কৰিব বিচাৰে তেন্তে এইবাৰ বাংলাদেশলৈ চাব লাগিব। যদি এফালে বাংলাদেশে নিউজিলেণ্ডক পৰাস্ত কৰি পাকিস্তানৰ হাতত পৰাস্ত হয়, আৰু আনফালে ভাৰতেও নিউজিলেণ্ডক পৰাস্ত কৰিব পাৰে, তেন্তে পাকিস্তান, বাংলাদেশ আৰু নিউজিলেণ্ড সকলোৱে ২ পইণ্ট লাভ কৰিব। তেতিয়া যুঁজ হ’ব নেট ৰাণ ৰেটৰ ওপৰত। তেতিয়াও অৱশ্যে পাকিস্তানৰ অৱস্থা ভাল নহয়। মুঠৰ ওপৰত পাকিস্তানৰ ছেমিফাইনেলত প্ৰৱেশৰ সম্ভাৱনা প্ৰায় শূন্য।