NORTHEAST NOW (Assamese)
অসম

মূৰৰ দাম আছিল ৫০ হাজাৰ! নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত মাওবাদী নেতা দয়ানন্দ মালাকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 1, 2026 4:31 pm

বিহাৰৰ এজন শীৰ্ষ মাওবাদী নেতা নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে। বিশেষ টাস্ক ফ’ৰ্চ আৰু আৰক্ষীৰ যৌথ অভিযানত নিহত হয় মাওবাদী নেতা দয়ানন্দ মালাকাৰ ওৰফে ছোটু। দয়ানন্দ চি পি আই (মাওবাদী)ৰ উত্তৰ বিহাৰ কেন্দ্ৰীয় খণ্ড সমিতিৰ সম্পাদক আছিল। তেওঁৰ মূৰৰ দাম আছিল ৫০ হাজাৰ টকা।

আৰক্ষীয়ে জনোৱা মতে, দয়ানন্দৰ বিৰুদ্ধে ১৫টাতকৈও অধিক অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল। এই তালিকাত হত্যা আৰু অস্ত্ৰ আইনৰ গোচৰো আছে।

বিশেষ টাস্ক ফ’ৰ্চে জনোৱা মতে, বেগুছৰাইৰ তেঘ্ৰা অঞ্চলত দয়ানন্দে আন দুজনৰ সৈতে আত্মগোপন কৰি আছিল। গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ লগে লগে বিশেষ টাস্ক ফ’ৰ্চে অঞ্চলটোত অভিযান চলায়।

আৰক্ষীয়ে জনোৱা মতে, দয়ানন্দ মালাকাৰ আৰু তেওঁৰ সহযোগীসকলে প্ৰথমে আৰক্ষীৰ ওপৰত গুলীচালনা কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে। সেই সময়ত মাওবাদী নেতাজন আহত হৈছিল। দয়ানন্দক স্থানীয় চিকিৎসালয়লৈ নিয়াৰ সময়ত তাত থকা চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

তেওঁৰ দুই সহযোগীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক বাতৰি অনুসৰি আৰক্ষীয়ে ২০ ৰাউণ্ড গুলীচালনা কৰা বুলি জানিবলৈ দিয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি দয়ানন্দ মালাকাৰ দমন, কুলবিৰ আৰু আকাশ নামেৰে পৰিচিত আছিল। ননপুৰ গাঁৱৰ বাসিন্দা দয়ানন্দক ২০২০ চনত গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত জামিনত মুকলি কৰি দিয়া হৈছিল দয়ানন্দক। তেওঁ পুনৰ মাওবাদী কাৰ্যকলাপৰ লগত জড়িত হৈ পৰে।