NORTHEAST NOW (Assamese)
অসম

ট্ৰলীৰ ভিতৰত ভৰাই গংগাত উটিৱাবলৈ আনিছিল মৃতদেহ! কলিকতাত নৃশংসভাবে হত্যা অসমৰ মহিলাক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 25, 2025 4:02 pm

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি হ’ল অসমৰ মহিলা। পশ্চিমবংগৰ কলিকতাত নৃশংস হত্যাৰ বলি হ’ল যোৰহাটৰ মহিলা।

জানিব পৰা মতে, মৃত মহিলাগৰাকীৰ নাম সুমিতা ঘোষ। সুমিতা ঘোষৰ বয়স ৫৫ বছৰ।

আৰক্ষীয়ে জনোৱা মতে, নৃশংসভাবে হত্যা কৰি এটা ট্ৰলীৰ ভিতৰত ভৰাই দুই মহিলাই লৈ আনিছিল সুমিতা ঘোষৰ মৃতদেহ। মৃতদেহটো গংগাত উটুৱাই দি প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰোতেই স্থানীয় ৰাইজে হাতে-লোটে ধৰা পেলাইছিল দুই ধৃত মহিলাক। ইয়াৰ পিছতেই আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষী আহি মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। লগতে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মহিলা দুগৰাকীক।

মহিলা দুগৰাকীৰ নাম ফাল্গুনি ঘোষ আৰু আৰতি ঘোষ। আৰতি ঘোষ হৈছে ফাল্গুনি ঘোষৰ মাতৃ।

জানিব পৰা মতে, নিজৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত কলিকতাত বাস কৰিছিল সুমিতা ঘোষে।

কলকাতা আৰক্ষীৰ যুটীয়া উপায়ুক্ত ৰূপেশ কুমাৰ সদৰী কৰা মতে, সুমিতা ঘোষ নামৰ মৃত মহিলাগৰাকী ভাড়াঘৰত বাস কৰিছিল। তাতে হত্যা কৰা হৈছিল সুমিতাক। তাৰপিছত মৃতদেহ এটা ট্ৰলীত ভৰাই গংগাত উটুৱাই দিয়াৰ চেষ্টা কৰিছিল মাতৃ-কন্যা আৰতি ঘোষ আৰু ফাল্গুনি ঘোষে।

অৱশ্যে মহিলা দুগৰাকীয়ে সুমিতা ঘোষক কিয় হত্যা কৰিলে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।