NORTHEAST NOW (Assamese)
দেশ

প্ৰথমে মোদীৰ প্ৰশংসা, তাৰপিছত হাস্যবদনে কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে ফটো : কংগ্ৰেছ এৰি বিজেপি গমনৰ দিশে শশী থাৰুৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 25, 2025 7:58 pm

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণক প্ৰশংসাৰে উপছাই দিছিল শশী থাৰুৰে। ইয়াৰ পিছতে এইবাৰ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱালৰ সৈতে এখন হাঁহিমুখীয়া ছবি সামাজিক মাধ্যমত পোষ্ট কৰে।

উল্লেখ্য যে শশী থাৰুৰ সৈতে যে কংগ্ৰেছৰ সংঘাত আৰম্ভ হৈছে সেয়া ইতিমধ্যেই পোহৰলৈ আহিছে।

কেৰালাৰ তিৰুৱনন্তপুৰমৰ চাৰিবাৰৰ সাংসদ থাৰুৰে দলটোৰ সৈতে দূৰত্ব বহু পৰিমাণে বৃদ্ধি কৰিছে। এই পৰিস্থিতিত এই ছবিখনে তেওঁৰ বিজেপিত যোগদানৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

ব্ৰিটিছ গৃহ সচিব জনাথন ৰেইনল্ডছ আৰু পীয়ুষ গোৱালৰ সৈতে এখন হাঁহিমুখীয়া ছবি পোষ্ট কৰিছে থাৰুৰে। লগতে মোডী চৰকাৰৰ বৈদেশিক নীতিকো প্ৰশংসা কৰিছে তেওঁ।

থাৰুৰে লিখিছে, “ব্ৰিটিছ গৃহ সচিব জনাথন ৰেইনল্ডছ আৰু কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱালৰ সৈতে কথা পাতিবলৈ পাই বৰ ভাল লাগিল।  মই জানিব পাৰিলোঁ যে বহুদিনৰ পৰা স্থবিৰ হৈ থকা মুক্ত বাণিজ্য চুক্তিখন এতিয়া সমাধানৰ পথত। এইটো আদৰণীয় কথা।

দৰাচলতে শশী থাৰুৰে অনুভৱ কৰিছে যে কেৰালাৰ কংগ্ৰেছ এই মুহূৰ্তত নেতৃত্বৰ অভাৱত ভুগি আছে। সেইবাবেই বাওঁপন্থীক ক্ষমতাৰ পৰা উচ্ছেদ কৰিব পৰা নগ’ল।

আনকি শশী থাৰুৰে দাবী কৰে যে তেওঁ কেৰালাৰ আটাইতকৈ জনপ্ৰিয় কংগ্ৰেছ নেতা। কংগ্ৰেছৰ মতাদৰ্শক মানি নচলা বহু লোকৰ মাজতো তেওঁ জনপ্ৰিয়।

ইয়াৰ ফলত কেৰালা কংগ্ৰেছত এক বৃহৎ বিভাজনৰ সৃষ্টি হৈছে।