NORTHEAST NOW (Assamese)
Popular Stories

দেশবাসীৰ বাবে ভাল খবৰ! কেন্দ্ৰই আৰম্ভ কৰিব নতুন পেঞ্চন আঁচনি, পিছে কি কি সুবিধা পাব আপুনি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 26, 2025 7:32 pm

কেন্দ্ৰীয় চৰকাৰে দেশবাসীৰ বাবে ‘ইউনিভাৰ্চেল পেঞ্চন আঁচনি আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে। শ্ৰম মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি এই নতুন আঁচনিৰ অধীনত সংগঠিত আৰু অসংগঠিত দুয়োটা খণ্ডৰ শ্ৰমিকে স্বেচ্ছাই অংশগ্ৰহণ কৰিব পাৰিব। বিশেষকৈ নিৰ্মাণ শ্ৰমিক, ঘৰুৱা শ্ৰমিক, গিগ শ্ৰমিকৰ দৰে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে এইটো এটা বৃহৎ প্ৰকল্প হব পাৰে।

বৰ্তমান ইপিএফঅৰ দৰে চৰকাৰী সঞ্চয় আঁচনি আছে। তাত প্ৰায় সকলোৱে নিজৰ নাম পঞ্জীয়ন কৰিছিল। কিন্তু শ্ৰমিক বা অসংগঠিত খণ্ডত থকাসকলে সেই সুযোগ নাপায়। এই পেঞ্চন আঁচনিখনত চৰকাৰে কোনো ধৰণৰ আৰ্থিক বৰঙণি নিদিয়ে, বৰঞ্চ সম্পূৰ্ণ স্বেচ্ছামূলক আঁচনিখন চলিব।

চৰকাৰৰ লক্ষ্য হৈছে দেশৰ পেঞ্চন ব্যৱস্থাক অধিক সংগঠিত কৰি এই ক্ষেত্ৰত ইতিমধ্যে থকা সকলো আঁচনি এক উমৈহতীয়া কাঠামোৰ অধীনলৈ অনা। অৱশ্যে এই নতুন পেঞ্চন আঁচনিখনে আপাততঃ ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ ঠাই লব নোৱাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। অৰ্থাৎ এনপিএছ যিদৰে আছে তেনেদৰেই চলি থাকিব।

বৰ্তমান দেশত অসংগঠিত খণ্ডৰ বাবে কেইবাখনো পেঞ্চন আঁচনি আছে, ইয়াৰে অন্যতম জনপ্ৰিয় আঁচনি হৈছে অটল পেঞ্চন যোজনা, যত মাহিলী নূন্যতম (বয়স অনুসৰি ধনৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়) জমা কৰা হয়, আৰু ৬০ বছৰ বয়সৰ পিছত মাহিলী ১০০০ – ১৫০০ টকা পেঞ্চন পোৱা যায়। প্ৰধানমন্ত্ৰী শ্ৰম যোগী মন ধন যোজনা (PM-SYM), যিয়ে ৰাজপথৰ ব্যৱসায়ী, ঘৰুৱা শ্ৰমিক আৰু শ্ৰমিকক আৰ্থিক সাহায্য প্ৰদান কৰে। ইয়াৰোপৰি কৃষকৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ মন্ধন যোজনাত ৬০ বছৰ বয়সৰ পাছত মাহিলী ৩ হাজাৰ টকা পেঞ্চন দিয়া হয়।

চৰকাৰৰ নতুন প্ৰকল্পটো কেতিয়া আৰম্ভ কৰিব, বা ইয়াৰ কি লাভ হব সেই সন্দৰ্ভত বিতং তথ্য এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে সূত্ৰ অনুসৰি এই প্ৰকল্পৰ কথা বিবেচনা কৰা হৈছে। বাকীখিনি খচৰা প্ৰস্তুত হোৱাৰ পাছত  আলোচনা সম্পূৰ্ণ হলেই গম পোৱা যাব।