NORTHEAST NOW (Assamese)
অসম

‘আকৌ এবাৰ মোদী চৰকাৰ’ গানৰ বাবে সীমান্ত শেখৰক মুখ্য মন্ত্ৰীৰ সম্বৰ্ধনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2019 8:22 am
Simanta-Shekhar

‘আকৌ এবাৰ মোদী চৰকাৰ’ শীৰ্ষক গানেৰে বিজেপিক নিৰ্বাচনী প্ৰচাৰৰ সময়ত সমগ্ৰ অসমত জনপ্ৰিয় কৰি তোলা গায়ক সীমান্ত শেখৰক কালি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বৰ্ধনা জ্ঞাপন কৰে।

বিজেপিয়ে ২০১৯ লোকসভা নিৰ্বাচনত আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গীতেৰে ৰাইজৰ ওচৰ চাপিবলৈ সক্ষম হৈছিল আৰু মানুহৰ মুখে মুখে গীতটোৱে ঠাই লাভ কৰিছিল।

ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সম্বৰ্ধনা লৈ সীমান্ত শেখৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন সবল চৰকাৰ গঠন হ’ল বুলি মন্তব্য কৰাৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসক কৃতজ্ঞতা জ্ঞাপন কৰে।

তেওঁ কয় হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতৃ্ত্ব আৰু কৰ্মকৰ্তা সকলৰ বহু কষ্টৰ ফলত বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে, সীমান্তই বিজেপিৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনে অসমৰ উন্নতিৰ হকে কাম কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে। তেওঁ পুনৰ এখন সোণৰ অসম নিৰ্মাণ কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত ল’ব বুলি কয়।

চলিত নিৰ্বাচনত অসমৰ ১৪ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে মুঠ ৯ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল।