NORTHEAST NOW (Assamese)
অসম

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা, ২০১৯ ৰ ফলাফল : কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ শীৰ্ষ স্থান দখল কৰা সকলৰ তালিকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2019 8:52 am
AHSEC

আজি ঘোষিত ২০১৯ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত প্ৰথম স্থান কঢ়িয়াবলৈ সক্ষম হৈছে ক্ৰমে দৰং, শোণিতপুৰ আৰু নগাঁও, কাছাৰ জিলাই।

কলা শাখাত প্ৰথম স্থান:

খুচবো ফিৰদ’ছ, ব্ৰিলিয়াণ্ট একাডেমি, দৰং। মুঠ প্ৰাপ্ত নম্বৰ-৪৭৮

বিজ্ঞান শাখাত প্ৰথম স্থান :

ছায়ন মজুমদাৰ, দৰং মহাবিদ্যালয়, শোণিতপুৰ। মুঠ প্ৰাপ্ত নম্বৰ-৪৭৮

বিতোপন আৰন্ধৰা, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও। মুঠ প্ৰাপ্ত নম্বৰ-৪৭৮

বাণিজ্য শাখা :

অসীম সৰকাৰ, বিবেকানন্দ জুনিয়ৰ কলেজ, কাছাৰ। মুঠ প্ৰাপ্ত নম্বৰ-৪৭৪

আনহাতে, কলা শাখাত ধেমাজি জিলাত সৰ্বাধিক ৮৯.৫২ শতাংশ উত্তীৰ্ণৰ হাৰ, বিজ্ঞান শাখাত শিৱসাগৰ জিলাত সৰ্বাধিক ৯৩.৪২ শতাংশ উত্তীৰ্ণৰ হাৰ আৰু বাণিজ্য শাখাত সৰ্বাধিক ৯৭.৭৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে নলবাৰী জিলাই শীৰ্ষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।

২০১৯ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ ২,৪২,৮৪৩ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১,৮৬,১৮৭ গৰাকী কলা শাখাত, ৩৭,৪৫৫ গৰাকী বিজ্ঞান শাখাত আৰু ১৮,২৯১ গৰাকী বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল।