NORTHEAST NOW (Assamese)
অসম

খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অসম আৰু অসমীয়াক চৰকাৰে ভাল পাবই লাগিব : মণিমাধৱ মহন্ত

Posted by:  মিণ্টু দাস May 29, 2018 9:19 am
9814dffd-9774-492f-b4f1-4dad4881366e

”নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমাৰ আন্দোলন বৰ্তমানেও চলি আছে আৰু চলি থাকিব। ধৰ্মৰ নামত হিন্দু বাংলাদেশী নাগৰিকক ভাৰতত নাগৰিকত্ব প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে চলোৱা চক্ৰান্তক আমি ছাত্ৰ সন্থাই কেতিয়াও মানি নলওঁ। খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত অসম আৰু অসমীয়াক চৰকাৰে ভাল পাবই লাগিব।” এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণিমাধৱ মহন্তৰ।

সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ ২০ তম বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ এইদৰে কয়। জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিপন শৰ্মাৰ সভাপতিত্বত সোমবাৰে অনুষ্ঠিত হোৱা বাৰ্ষিক অধিবেশনত নগাঁও জিলা সমিতিৰ সভাপতি অভিজিত দাসে সভাখন উদ্বোধন কৰি সাম্প্ৰতিক সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা দুমুখীয়া স্থিতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

হাতীচোং, জাজৰি অঞ্চলৰ বিশিষ্ট লোকসকলৰ উপৰি প্ৰায় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অধিবেশনতে কৃতাঞ্জল বৰাক সভাপতি, কৃষ্ণমণি বৰাক সম্পাদক হিচাপে লৈ হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়।

আনহাতে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন উপলক্ষে পুৱা পতাকা উত্তোলন, চহিদ তৰ্পন আৰু ইয়াৰ পাছত বৃক্ষ ৰোপন কাৰ্যসূচী সম্পন্ন হয়। আনহাতে এই অধিৱেশনৰ লগত সংগতি ৰাখি হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ চহিদ স্মৃতি চ’ৰাটো উদ্বোধন কৰে আছুৰ উপ-সভাপতি মণিমাধৱ মহন্তই। আনহাতে সন্ধিয়া ৬ বজাত অনুষ্ঠিত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰে।