NORTHEAST NOW (Assamese)
দেশ

ভাৰতীয় বায়ুসেনাৰ জাগুয়াৰ ফাইটাৰ জেট স্কোৱাড্ৰনত প্ৰথমগৰাকী মহিলা পাইলট নিযুক্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 1, 2025 8:30 pm

ভাৰতীয় বায়ুসেনাৰ জাগুয়াৰ ফাইটাৰ জেট স্কোৱাড্ৰনত স্থায়ীভাৱে নিযুক্তি লাভ কৰা প্ৰথমগৰাকী মহিলা পাইলট হিচাপে পৰিগণিত হৈছে ফ্লাইং অফিচাৰ তনুষ্কা সিং। অতি শীঘ্ৰে সক্ৰিয় ভাৱে কৰ্তব্যৰ বাবে নিজৰ স্কোৱাড্ৰনত ৰিপৰ্ট কৰিব তনুস্কাক সিঙে। ভাৰতীয় বায়ুসেনাত মহিলাসকলক যুদ্ধৰ ভূমিকাত অৱ্তীৰ্ণ কৰাৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ।

মহিলাসকলে প্ৰশিক্ষণৰ সময়ত জাগুয়াৰ বিমানখন উৰুৱাইছে যদিও ইয়াৰ পূৰ্বে কোনো মহিলাক স্থায়ী নিযুক্তি প্ৰদান কৰা নাছিল। প্ৰথমবাৰৰ বাবে তনুস্কাক সিঙক স্থায়ীভাৱে জাগুয়াৰ ফাইটাৰ জেট স্কোৱাড্ৰনত অন্তৰ্ভুক্ত কৰা হৈছে।

জাগুয়াৰ হৈছে ভাৰতীয় বায়ুসেনাৰ বহুমুখী, টুইন ইঞ্জিনযুক্ত, স্থল আক্ৰমণকাৰী বিমান যি ইয়াৰ নিখুঁত ষ্ট্ৰাইক ক্ষমতাৰ বাবে পৰিচিত।

তনুষ্কাই প্ৰথমে ভাৰতীয় সেনাবাহিনীত কেৰিয়াৰৰ কথা চিন্তা কৰিছিল।ভাৰতীয় বায়ুসেনাতো মহিলাৰ বাবে উপলব্ধ সুযোগৰ বিষয়ে জানিব পাৰি বায়ুসেনাত যোগদান কৰিবলৈ মন মেলে।

তেলেংগানাৰ ডাণ্ডিগালৰ বায়ুসেনা একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত হক এম কে ১৩২ বিমানৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰে। তনুষ্কাই ২০২২ চনত ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ বি টেক ডিগ্ৰীও সম্পূৰ্ণ কৰে।