NORTHEAST NOW (Assamese)
দেশ

ছত্তীশগড়ত অব্যাহত মাওবাদী  নিধন অভিযান : সেনাৰ গুলীত নিহত দুই মাওবাদী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 1, 2025 8:09 pm
ছত্তীশগড়ত অব্যাহত মাওবাদী  নিধন অভিযান : সেনাৰ গুলীত নিহত দুই মাওবাদী


চলি আছে সেনা-আৰক্ষীৰ মাওবাদী নিধন অভিযান। ছত্তীশগড়ৰ চুকমা জিলাত সেনাৰ গুলীত নিহত হৈছে দুই দুৰ্ধষ মাওবাদী।

সেনাই তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিছে। এই তথ্য শনিবাৰে আৰক্ষীয়ে ৰাজহুৱা  কৰিছে।

সুকমা আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, কিস্তাৰাম থানা এলেকাৰ এখন অৰণ্যত মাওবাদীয়ে ঘাটি স্থাপন কৰা বুলি গোপন সূত্ৰৰ পৰা আৰক্ষীয়ে তথ্য লাভ কৰে। সেই অনুসৰি শুকুৰবাৰে নিশা ডি আৰ জি আৰু কোব্ৰা ফৰ্চে মাওবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি এক অনুসন্ধান অভিযান আৰম্ভ কৰা হয়। নিৰাপত্তাৰক্ষীৰ উপস্থিতি অনুভৱ মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰিবলৈ ধৰিলে। দুয়োপক্ষৰ মাজত দীৰ্ঘদিনীয়া যুঁজৰ অন্তত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হয় দুজন মাওবাদী।

আৰক্ষীৰ মতে, এই অঞ্চলত এতিয়াও কেইবাজনো মাওবাদী আত্মগোপন কৰি থাকিব পাৰে বুলি অনুমান কৰা হৈছে। এতিয়াও চলি আছে এক অনুসন্ধান অভিযান, সমগ্ৰ অঞ্চলটো ঘেৰি ধৰিছে সেনাই।

অৱশ্যে মৃত মাওবাদীসকলৰ পৰিচয় এতিয়াও ৰাজহুৱা কৰা নাই প্ৰশাসনে। মন কৰিবলগীয়া যে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদী মুক্ত ভাৰতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। সেই লক্ষ্যত উপনীত হ’বলৈ নিৰাপত্তাৰক্ষীয়ে দিনে নিশাই মাওবাদীৰ বিৰুদ্ধে অভিযান চলাইছে।