দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ! ৩১ মাৰ্চৰ পৰা কিছুমান বাহনৰ বাবে উপলব্ধ নহ’ব পেট্ৰ’ল-ডিজেল

ক্ষমতালৈ অহাৰ পিছতে ৰাজধানী দিল্লীত ডাঙৰ ঘোষণা বিজেপিৰ। ৩১ মাৰ্চৰ পৰা উপলব্ধ নহ’ব পেট্ৰ’ল আৰু ডিজেল। শনিবাৰে দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই কয় যে ৩১ মাৰ্চৰ পৰা কিছুমান বাহনৰ চালকে পেট্ৰ’ল বা ডিজেল ক্ৰয় কৰিব নোৱাৰিব।
প্ৰকাশিত তথ্য অনুসৰি ১৫ বছৰৰ ওপৰৰ পেট্ৰ’ল চালিত বাহন আৰু ১০ বছৰৰ ওপৰৰ ডিজেল চালিত বাহনৰ বাবে পেট্ৰ’ল আৰু ডিজেল উপলব্ধ কৰা নহ’ব। ইতিমধ্যে এই সন্দৰ্ভত দিল্লীৰ প্ৰতিটো পেট্ৰ’ল পাম্পক পৰিৱেশ মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছে।
পৰিৱেশ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি প্ৰতিখন পেট্ৰ’ল পাম্পতে বাহনখনৰ বয়স নিৰ্ণয় কৰিব পৰাকৈ এটা আধুনিক যন্ত্ৰ সংস্থাপন কৰিব পৰিৱেশ মন্ত্ৰালয়ে। ইয়াৰ জৰিয়তে পাম্পৰ কৰ্মচাৰীসকলে পেট্ৰ’ল ভৰোৱাৰ পূৰ্বে গাড়ীখন কিমান বয়সৰ সেয়া জানিব পাৰিব। ৰাজধানীত ক্ৰমাৎ বৃদ্ধি পোৱা ভয়ংকৰ প্ৰদূষণ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে পৰিৱেশ মন্ত্ৰালয়ে।
উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিয়ে দিল্লীৰ প্ৰদূষণ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ বাবে আপক অহৰহ দোষাৰোপ কৰাৰ লগতে যমুনাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছিল।
এতিয়া ক্ষমতালৈ অহাৰ পাছতে দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই প্ৰদূষণ ৰোধৰ বাবে ৩১ মাৰ্চৰ পৰা নিৰ্ধাৰিত বছৰৰ ওপৰৰ বাহনত পেট্ৰ’ল আৰু ডিজেল যোগান নিষিদ্ধ কৰাৰ কথা ঘোষনা কৰিছে। ২০২৫ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত দিল্লীৰ চিএনজি চালিত চৰকাৰী বাছ সকলো আঁতৰাই ইলেক্ট্ৰিক বাছ চলাচলৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।