NORTHEAST NOW (Assamese)
দেশ

চৰকাৰী ধনেৰে বিলাস ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ! আৰ টি আইৰ তথ্যত পোহৰলৈ আহিল উৰহীৰ-ওৰ

March 6, 2025 10:26 am

আমেৰিকাৰ ৱাশ্বিংটন ডি চিস্থিত ভাৰতীয় দূতাবাসৰ পৰা লাভ কৰা আৰ টি আইৰ তথ্যত পোহৰলৈ অহিছে প্ৰধানমন্ত্ৰী মোদীৰ ফোপোলা স্বৰূপ। প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণত ভাৰত আৰু আমেৰিকাৰ মাজত স্বাক্ষৰিত হোৱা নাছিল কোনো ধৰণৰ বুজাবুজি চুক্তি।

যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত ভাৰতৰ-আমেৰিকাৰ মাজত কোনো চুক্তিস্বাক্ষৰ হোৱা নাছিল তেন্তে  কি আছিল মোদীৰ আমেৰিকাৰ ভ্ৰমণৰ উদ্দেশ্য ? এতিয়া এই লৈ কৌতুহলৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে এনে ভ্ৰমণকালত সাধাৰণতে দুয়োখন দেশৰ মাজত চুক্তি বা বুজাবুজিৰ চুক্তি হয়। কিন্তু কোনো আনুষ্ঠানিক চুক্তিত উপনীত হোৱা নাই। সেয়ে এই ভ্ৰমণৰ উদ্দেশ্য আৰু ফলাফল সম্পৰ্কে স্পষ্টিকৰণ প্ৰদান কৰিব নে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সেয়া লক্ষণীয় হ’ব।