NORTHEAST NOW (Assamese)
Popular Stories

আন্তৰ্জাতিক নাৰী দিৱস ২০২৫ : সকলো মহিলাৰ বাবে অধিকাৰ, সমতা, আৰু সৱলীকৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 8, 2025 8:30 am

আজি ৮ মাৰ্চ। আজিৰ দিনটোক সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। নাৰী, পুৰুষ আৰু অন্যান্য লিংগৰ মাজত থকা অসমতা দূৰ কৰি এখন লিংগবৈষম্যহীন সমাজ গঢ়াৰ বাবে এই দিৱস উদযাপন কৰা হয়।

১৯১১ চনৰ পৰাই এই দিৱসটো উদযাপন কৰি অহা হৈছে। শ্ৰমিক আৰু ভোটাধিকাৰ আন্দোলনৰ প্ৰেক্ষাভূমিৰ পৰা এই দিৱসৰ জন্ম হৈছে। ১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল। ক্লাৰা এগৰাকী জাৰ্মান ৰাজনীতিবিদ; জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ সদস্য। তাৰপিছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত অনুষ্ঠিত হয় দ্বিতীয় আন্তজাৰ্তিক নাৰী সন্মিলন। ১৭ খন দেশৰ পৰা ১০০ গৰাকী নাৰী প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। এই সন্মিলনতে ক্লাৰায়ে প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে। তাৰ ফলশ্ৰুতিত ১৯১১ চনৰপৰা নাৰীসকলৰ সম-অধিকাৰ দিৱস হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন দেশৰ সমাজ তাত্ত্বিকসকল আগবাঢ়ি আহে। ১৯১৪ চনৰপৰা কেইবাখনো দেশত ৮ মাৰ্চ দিনটো পালন কৰিবলৈ আৰম্ভ কৰা হ’ল। ১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। 

লগতে পঢ়কঃ নাৰীবাদ : এক চমু আলোচনা

এইবাৰ আন্তৰ্জাতিক নাৰী দিৱসৰ Theme হৈছে ‘For ALL Women and Girls: Rights. Equality. Empowerment’. অৰ্থাৎ ‘সকলো মহিলা আৰু ছোৱালীৰ বাবে: অধিকাৰ, সমতা, সৱলীকৰণ’। 

উল্লেখ্য যে বছৰ বছৰ পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশতে প্ৰতিবছৰে নাৰী দিৱস অনুষ্ঠিত হৈ আহিছে যদিও নাৰীৰ ওপৰত হোৱা নিৰ্যাতন, বৈষম্যমূলক আচৰণ, উৎপেক্ষা, অৱজ্ঞা আদিৰ অৱসান হোৱা নাই। বৰ্তমানেও দেশসমূহৰ ৰাজনীতিত নাৰী প্ৰতিনিধিৰ সংখ্যা পুৰুষৰ তুলনাত তেনেই নগণ্য। ইয়াৰ উপৰিও পুৰুষ কৰ্মচাৰীসকলতকৈ মহিলাসকলৰ দৰমহা তুলনামূলকভাবে কম। প্ৰতিদিনে সংঘটিত হৈ আহিছে নাৰীজনিত অপৰাধ। সমাজৰ লগতে ঘৰুৱা হিংসাৰো বলি হৈ আহিছে নাৰীসকলে। ভাৰতবৰ্ষৰ দৰে দেশত প্ৰতিবছৰে ধৰ্ষণৰ বলি হৈছে লাখ লাখ শিশু, যুৱতী, মহিলা।