NORTHEAST NOW (Assamese)
Popular Stories

বাংলাদেশ আৰু ভাৰত উভয় দেশৰে ভোটাৰ তালিকাত তৃণমূল কৰ্মীৰ নাম! অভিযোগ বিজেপি নেতাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 8, 2025 12:21 pm

বাংলাদেশ আৰু ভাৰত দুয়োখন দেশৰ ভোটাৰ তালিকাত এগৰাকী তৃণমূল কৰ্মীৰ নাম আছে বুলি দাবী কৰিছে বিজেপিয়ে। দলটোৱে নথি-পত্ৰৰ লগতে এই ভুৱা ভোটাৰৰ নাম প্ৰকাশ কৰিছে

তৃণমূল কৰ্মীজনৰ নাম শ্বাহিদুল বিশ্বাস। নথি দুখন দেখুৱাই বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে কয় যে তৃণমূল কৰ্মী শ্বাহিদুল জেছৌৰ চৌগাছাৰ বাসিন্দা। বাংলাদেশৰ নাগৰিক হোৱাৰ পাছতো ভাৰতীয় ভোটাৰ কাৰ্ড লাভ কৰিছিল।

অৱশ্যে তৃণমূলৰ কৰ্মী শ্বাহিদুল বিশ্বাসে বিজেপি নেতাৰ অভিযোগ মিছা বুলি দাবী কৰে। তেওঁ কয় যে তেওঁ, তেওঁৰ পিতৃ আৰু ককাক জন্মসূত্ৰে ভাৰতৰ নাগৰিক। চুবুৰীয়াৰ সৈতে হোৱা মাটিৰ বিবাদৰ বাবেই তেওঁৰ বিৰুদ্ধে এই ভুৱা অভিযোগ উত্থাপন হৈছে। ভুৱা নথি দেখুৱাই মিছা অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে।