NORTHEAST NOW (Assamese)
দেশ

সলনি হৈ গ’ল চন্দ্ৰক লৈ থকা সকলো ধাৰণা : ডাঙৰ ৰহস্য উদঘাটন কৰিলে চন্দ্ৰযান-৩ য়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 8, 2025 11:40 am

চন্দ্ৰপৃষ্ঠ সম্পৰ্কে আচৰিত কৰি দিব পৰা তথ্য প্ৰকাশ কৰিছে চন্দ্ৰযান ৩ য়ে। চন্দ্ৰযান ৩ য়ে প্ৰেৰণ কৰা তথ্য গৱেষণা কৰাত পোহৰলৈ আহিছে চন্দ্ৰৰ বিষয়ে নতুন নতুন তথ্য।

আহমেদাবাদৰ পদাৰ্থ বিজ্ঞান পৰীক্ষাগাৰৰ অধ্যাপক তথা প্ৰতিবেদনৰ মুখ্য লেখক দুৰ্গা প্ৰসাদ কৰ্ণমে সংবাদ সংস্থা পিটিআইক জনাইছে যে চন্দ্ৰৰ পৃষ্ঠৰ উষ্ণতা বহুত, কিন্তু অতি স্থানীয় পৰিৱৰ্তনে বৰফৰ গঠনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে।

এই বৰফৰ কণাবোৰ পৰ্যবেক্ষণ কৰিলে ইহঁতৰ উৎপত্তি আৰু ইতিহাসৰ বিভিন্ন তথ্য পোহৰলৈ আহিব পাৰে বুলি ‘কমিউনিকেচনছ এণ্ড এনভাইৰনমেণ্ট’ আলোচনীত প্ৰকাশিত গৱেষণা পত্ৰখনত প্ৰকাশ পাইছে।

এই সন্দৰ্ভত দুৰ্গা প্ৰসাদ কৰ্ণমে কয়, “ইয়াৰ পৰা আমি চন্দ্ৰত সময়ৰ লগে লগে বৰফ কেনেকৈ জমা হয় আৰু ই কেনেকৈ চন্দ্ৰপৃষ্ঠত থাকে সেই বিষয়েও জানিব পাৰিম। ইয়াৰ দ্বাৰা এই প্ৰাকৃতিক উপগ্ৰহৰ প্ৰাৰম্ভিক ভূতাত্ত্বিক প্ৰক্ৰিয়াৰ বিষয়ে তথ্য পোৱা যাব।”

চন্দ্ৰযান-৩ অভিযানৰ অংশস্বৰূপ ChaSTE প্ৰ’বে ভূপৃষ্ঠৰ পৰা ১০ চেণ্টিমিটাৰ গভীৰতালৈকে উষ্ণতা জুখি অতি পৰিৱৰ্তনশীল পৰিস্থিতিৰ কথা প্ৰকাশ পাইছিল। ‘শিৱ শক্তি পইণ্ট’ নামৰ অৱতৰণ স্থানত দিনৰ ভাগত ৮২ ডিগ্ৰী চেলছিয়াছৰ পৰা ৰাতি -১৭০ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতা আছিল।

চন্দ্ৰত বৰফ পানীলৈ পৰিণত হোৱাৰ সম্ভাৱনা সন্দৰ্ভত দুৰ্গা প্ৰসাদ কৰ্ণমে কয় যে, “চন্দ্ৰৰ পৃষ্ঠত পানী তৰল ৰূপত জীয়াই থাকিব নোৱাৰে। গতিকে বৰফ তৰললৈ পৰিণত হ’ব নোৱাৰে, বৰঞ্চ বাষ্পলৈ পৰিণত হ’ব।”

উল্লেখ্য যে চন্দ্ৰযান-৩ য়ে ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি ইতিহাস ৰচনা কৰিছিল।