NORTHEAST NOW (Assamese)
অসম

বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক January 17, 2021 10:28 am
IMG-20210116-WA0015(1)

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সৌন্দৰ্য ৰাণী বগামাটি বনভোজস্থলীত মদ বন্ধৰ দাবীত শনিবাৰে  বাঙালীপাৰাত বাঙালীপাৰা-বগামাটি পথ অৱৰোধ কৰি ৰাইজে  প্ৰতিবাদ সাব্যস্ত কৰে।

বগামাটি বনভোজস্থলীত দেশী-বিদেশী সুৰাৰ অবাধ বিক্ৰী আৰু সেৱনৰ বিৰুদ্ধে হাতে-হাতে প্লে-কাৰ্ড লৈ পুৱাই তামুলপুৰ মহকুমাৰ বাঙালীপাৰাৰ  ৰাজপথলৈ ওলাই আহে ”আমি ভোলাঝাৰীয়া” গ্ৰুপৰ সদস্যসকলৰ লগতে পূৱ-ডেফেলী অঞ্চলৰ বিভিন্ন দল-সংগঠনকে ধৰি সমগ্ৰ ভোলাঝাৰবাসী ৰাইজ।

‘বগামাটিত মদ বন্ধ কৰক’, ‘বগামাটিত মাদক দ্ৰব্য সেৱন নিষেধ কৰক’, ‘যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰক’, ‘পথত গতিৰোধকৰ ব্যবস্থা কৰক’ ‘আমাৰ দাবী মানিবই লাগিব’ আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী জনতাই শনিবাৰে পুৱা ৬ বজাৰ পৰা ১১ বজালৈ বাঙালীপাৰা-বগামাটি ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

প্ৰতিবাদী জনতাৰ পথ অৱৰোধ কাৰ্যসূচীৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বগামাটিলৈ অহা অধিকাংশ বনভোজকাৰী দল বনভোজ নোখোৱাকৈয়েই  উভতি যাবলৈ বাধ্য হয়।

পৰৱৰ্তী সময়ত নাগ্ৰীজুলি আৰু সুৱাগপুৰ আৰক্ষীৰ সৈতে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া জোনটি ডেকা আৰু তামুলপুৰ ৰাজহ চক্ৰ বিষয়া ৰূপকমল ৰাভা  প্ৰতিবাদস্থলীত উপস্থিত হৈ ৰাইজক বগামাটিত মদ বন্ধ কৰাৰ লিখিত প্ৰতিশ্ৰুতি দি ক্ষান্ত কৰিবলৈ চেষ্টা কৰে যদিও উত্তেজিত ৰাইজ কোনোপধ্যেই ক্ষান্ত নহয়।

পৰবৰ্তী সময়ত প্ৰতিবাদস্থলীত তামুলপুৰ মহকুমাৰ মহকুমাধিপতি (অসামৰিক) ডাঃ বেদাংগ তালুকদাৰ উপস্থিত হৈ বনভোজস্থলী বগামাটিত অবৈধ সুৰা বিক্ৰী আৰু সেৱন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লগতে বগামাটিলৈ অহা যান-বাহন নিয়ন্ত্ৰণৰ বাবে পৰ্যাপ্ত গতিৰোধকৰ ব্যবস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাইজৰ দাবী সমূহ মানি লোৱাতহে বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজ কিছু ক্ষান্ত হৈ পথ মুকলি কৰি দিয়ে।

অৱশ্যে, বগামাটি পৰিচালনাৰ দায়িত্বত থকা এনজিঅ’ দাউৰাইঝাৰ ইক’- ট্যুৰিজিম ছ’ছাইটি  আৰু প্ৰশাসনে যদিহে বগামাটিত সম্পূৰ্ণ ৰূপে মদৰ ৰমৰমীয়া বেহা আৰু সেৱন কাৰ্য বন্ধ নকৰে তেতিয়া হ’লে পৰবৰ্তী সময়ত পুনৰ পথ অৱৰোধ আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে।

ইফালে বগামাটি যোৱা পথ মুকলি কৰাৰ পাছতে তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ  বিষয়াৰ নেতৃত্বত সুৱাগপুৰ আৰু  নাগ্ৰীজুলি আৰক্ষীৰ সহযোগত বগামাটি বনভোজস্থলীৰ অবৈধ সুৰাৰ বিপনী সমূহত অভিযান চলাই পাঁচখনকৈ দোকানৰ পৰা বহু পৰিমানৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে কেইবাখনো বিপনী বন্ধ কৰি দিয়ে।

উল্লেখ্য যে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত প্ৰকৃতিৰাণী বগামাটি বনভোজস্থলীত যোৱা কেইবা বছৰ ধৰি সুৰাৰ অবাধ বিক্ৰী আৰু সেৱনৰ ফলত বৰ্তমান মৃত্যু উপত্যকালৈ পৰিণত হৈছে সমগ্ৰ গোৰেশ্বৰ-বগামাটি আৰু নাগ্ৰীজুলি-বগামাটি পথ।

বগামাটিলৈ অহা একাংশ লোকে বনভোজস্থলীত মদ্যপান কৰি অনিয়ন্ত্ৰিত গতিত গাড়ী-মটৰ চলোৱাৰ ফলত প্ৰতিদিনে সংঘটিত হৈ আহিছে এটাৰ পাছত আনটো পথ দুৰ্ঘটনা।

সুৰাসত্ত লোকৰ গাড়ীৰ খুণ্ডাত এতিয়ালৈকে বৃহত্তৰ অঞ্চলৰ ছাত্র সাহ  বহু নিৰীহ লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ উপৰিও বহু লোকে পংগুত্ব জীৱন কটাবলগীয়া হৈছে।

তদুপৰি, ৰাজপথত সুৰামত্ত উদণ্ড মটৰ চাইকেল আৰোহীৰ দৌৰাত্ম্যৰ ফলত বৰ্তমান অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে।

আনহাতে, বহু পূৰ্বৰে পৰা আৰক্ষী-প্ৰশাসনক স্থানীয় দল সংগঠনে বিষয়টো অৱগত কৰাই আহিছিল যদিও প্ৰশাসনে কোনো  ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

এনে পৰিস্থিতিত শনিবাৰে অঞ্চলটোৰ স্থানীয় ৰাইজ এনেদৰে ৰাজপথলৈ ওলাই আহি পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।