NORTHEAST NOW (Assamese)
অসম

বুকুত বিষ, দিল্লীৰ এইমছত ভৰ্তি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 9, 2025 10:24 am

বুকুৰ বিষত হাস্পাতালত ভৰ্তি হৈছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ। জানিব পৰা মতে তেওঁক চিকিৎসকে নিৰীক্ষণ কৰি আছে।

বাতৰি অনুসৰি, শনিবাৰে মাজনিশা ৭৩ বছৰীয়া জগদীপ ধনখৰে হঠাতে বুকুৰ বিষ অনুভৱ কৰে। তেওঁৰ শৰীৰটোত কঁপনি উঠিছিল। কোনো ধৰণৰ বিপদ নোহোৱাকৈ পুৱা ২ বজাৰ ভিতৰত তেওঁক এইমছ হাস্পতাললৈ লৈ যোৱা হয়।

হাস্পাতালত লগে লগে চিকিৎসালয় কৰ্তৃপক্ষই উপ-ৰাষ্ট্ৰপতিগৰাকীক ভৰ্তি কৰে। তেওঁক চিচিইউ (ক্ৰিটিকেল কেয়াৰ অৱজাৰ্ভেচন)ত ৰখা হৈছে।

সূত্ৰ অনুসৰি জগদীপ ধনখৰ এইমছৰ হৃদৰোগ বিভাগৰ মুৰব্বী ডাঃ ৰাজীৱ নৰঙৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে।

ইতিমধ্যে তেওঁৰ শৰীৰৰ বিভিন্ন পৰীক্ষা কৰা হৈছে। চিকিৎসকে তেওঁক পৰ্যবেক্ষণত ৰাখিছে। চিকিৎসা পৰীক্ষাৰ প্ৰতিবেদন আহিলেই পৰৱৰ্তী চিকিৎসা পদ্ধতিৰ সিদ্ধান্ত লোৱা হ’ব।

অৱশ্যে চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ।