NORTHEAST NOW (Assamese)
অসম

বলিউডৰ নতুন ছবি ‘য়ামলা পাগলা দিৱানা-ফিৰ চে’ত অভিনয় যোৰহাটৰ ডেইজি দলেৰ

Posted by: অনিৰ্বাণ পাঠক September 1, 2018 8:14 pm
daisy doley

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটাৰ পাছত আনটো সুনাম আৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিভাই। এইবাৰ বলিউত শেহতীয়াভাৱে মুক্তি লাভ কৰা এখন হিন্দী ছবিত অভিনয় কৰিছে অসমৰ এগৰাকী অভিনেত্ৰীয়ে।

৩১ আগষ্টত মুক্তিলাভ কৰা বলিউদৰ ছবি পৰিচালক নৱনিয়ত সিং পৰিচালিত ‘য়ামলা পাগলা দিৱানা-ফিৰ চে’ নামৰ ছবিখনত অভিনয় কৰিছে অসমৰ ডেইজি দলে নামৰ মডেল তথা অভিনেত্ৰীগৰাকীয়ে।

বলিউদৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ, চানী দেউল, ববী দেউলকে ধৰি কেবাগৰাকী নামী দামী শিল্পীয়ে অভিনয় কৰা ছবিখনত অসমৰ ডেইজিয়ে এগৰাকী লিগেল এচিষ্টেন্টৰ চৰিত্ৰত অভিনয় কৰিছে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত অভিনেত্ৰী গৰাকীয়ে কয়, ‘এই ছবিখনত অভিনয় কৰি মোৰ খুউৱ ভাল লাগিছে। ধৰ্মেন্দ্ৰ, চানী দেউল, ববী দেউলৰ দৰে জনপ্ৰিয় অভিনেতাৰ লগত একেলগে অভিনয় কৰিবলৈ সুযোগ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা।’

তেওঁ লগতে বলিউদত বহু অসমীয়া যুৱক-যুৱতীয়ে বিভিন্ন উল্লেখনীয় কাম কৰি থকাৰ কথা কৈ ইয়াৰ বাবে গৌৰৱ অনুভৱ কৰা বুলিও জানিবলৈ দিয়ে। যোৰহাট জিলাৰ ঢেকীয়াখোৱাৰ জীয়ৰী ডেইজিয়ে আগলৈ অসমীয়া ছবিটো কাম কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে। বিগত ৭ বছৰ ধৰি মডেলিং আৰু অভিনয়ৰ লগত জড়িত হৈ থকা ডেইজিয়ে ৫ বছৰ পূৰ্বে মুম্বাইলৈ গৈ অভিনয়ৰ ক্ষেত্ৰখনত খোজ দিয়ে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে তেওঁ জনপ্ৰিয় টিভি চেনেল ‘জি টিভি’ৰ কেবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল। ইয়াৰ উপৰিও বহুকেইটা প্ৰতিষ্ঠানৰ বিজ্ঞাপনতো অভিনয় কৰিছিল মডেল তথা অভিনেত্ৰী ডেইজি দলেই।