NORTHEAST NOW (Assamese)
অসম

মাজুলী আৰু কামৰূপ অসমৰ আটাইতকৈ পৰিষ্কাৰ জিলা: চৰকাৰী সমীক্ষা

Posted by: মিটু খাটনিয়াৰ September 1, 2018 8:42 pm
মাজুলী আৰু কামৰূপ অসমৰ আটাইতকৈ পৰিষ্কাৰ জিলা: চৰকাৰী সমীক্ষা

স্বচ্ছ ভাৰত অভিযান(গ্ৰামীণ)ৰ অধীনত ৰাজ্যৰ স্বচ্ছ জিলা বাচনিৰ বাবে কৰা ‘স্বচ্ছ সৰ্বেক্ষণ ২০১৮’ত শ্ৰেষ্ঠতম জিলাৰ স্বীকৃতি যৌথভাৱে লাভ কৰিছে মাজুলী আৰু কামৰূপ জিলাই।

যোৱা ১ আগষ্টৰ পৰা ৩১ আগষ্টলৈ ৰাজ্যৰ সকলো জিলাক সামৰি চলোৱা পৰিচ্ছন্নতা বিষয়ক এই সমীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰিছে স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ অসমে)।

প্ৰত্যেক গাঁৱৰ ব্যক্তিগত আৰু ৰাজহুৱা অনাময় ব্যৱস্থা, সকলো বিদ্যালয় আৰু ৰাজহুৱা স্থান তথা ৰাজহুৱা ভৱন আদিৰ সামগ্ৰিক পৰিচ্ছন্নতা, মুকলিত মলত্যাগমুক্ত গাওঁ আৰু অঞ্চলক চাফ-চিকুণকৈ ৰখাত সজাগতা সৃষ্টিৰ দিশত জিলা জল আৰু অনাময় সমিতিসমূহে লোৱা কাৰ্য ব্যৱস্থাক সামৰি এই সমীক্ষা চলোৱা হৈছিল।

সমীক্ষাটোত মাজুলী আৰু কামৰূপ জিলাৰ পাছতে শিৱসাগৰ, ডিব্ৰুগড় আৰু বঙাইগাওঁ জিলাই দ্বিতীয় স্থান আৰু যোৰহাট, শোণিতপুৰ আৰু কোকৰাঝাৰে তৃতীয় স্থান পাইছে।

উল্লেখযোগ্য যে মাজুলীৰ ১৯২খন গাঁৱৰ আটাইকেইখনকে ইতিমধ্যে ২০১১ চনৰ ‘বে’চলাইন চাৰ্ভে’ৰ আধাৰত মুকলিত মলত্যাগমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে।