NORTHEAST NOW (Assamese)
অসম

চৰম অপমান! পাকিস্তানী ৰাষ্ট্ৰদূতক প্ৰৱেশত বাধা; বিমানবন্দৰৰ পৰাই ওভতাই পঠিয়ালে আমেৰিকাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 11, 2025 3:16 pm

তুৰ্কমেনিস্তানত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূত কে কে আহছান ৱাগানক প্ৰৱেশ কৰিবলৈ নিদিলে আমেৰিকাই। ট্ৰাম্পৰ দেশখনে তেওঁক লছ এঞ্জেলছৰ বিমানবন্দৰৰ পৰাই ঘূৰাই পঠিয়ালে। তেওঁক আমেৰিকাত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। অৱশ্যে তেওঁৰ বৈধ ভিছা আছিল বুলি জানিব পৰা গৈছে।

তেওঁৰ প্ৰয়োজনীয় সকলো নথি-পত্ৰও আছিল। তাৰ পিছতো আমেৰিকাৰ অভিবাসন কৰ্তৃপক্ষই তেওঁক প্ৰৱেশ কৰাত বাধা দিয়ে। বিষয়াসকলে কয় যে ৱাগানক “বিৰোধী ভিছা ৰেফাৰেন্স”ৰ বাবে ঘূৰাই পঠিওৱা হৈছে। অৱশ্যে তেওঁক ওভতাই পঠিওৱাৰ নিৰ্দিষ্ট কাৰণ এতিয়াও প্ৰকাশ কৰা নাই আমেৰিকা কৰ্তৃপক্ষই।

পাকিস্তানৰ সংবাদ মাধ্যম দ্য নিউজে প্ৰকাশ কৰা অনুসৰি ৱাগানে লছ এঞ্জেলছলৈ ছুটীত গৈছিল। কিন্তু আমেৰিকাৰ প্ৰব্ৰজন ব্যৱস্থাত কিছু সমস্যা ধৰা পৰিল আৰু তেওঁ ঘৰলৈ উভতি যাবলগীয়া হ’ল। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন বিষয়াই কয় যে ৰাষ্ট্ৰদূত কে কে ৱাগানক আমেৰিকাৰ পৰা ঘূৰাই পঠিওৱা হৈছে কাৰণ তেওঁৰ বিৰুদ্ধে ইমিগ্ৰেছনৰ আপত্তি আছিল।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে লছ এঞ্জেলছৰ কনছুলেটক এই বিষয়ৰ তদন্তৰ নিৰ্দেশ দিছে। আনকি ৱাগানক ইছলামবাদলৈ উভতি যাবলৈও নিৰ্দেশ দিয়া হ’ব পাৰে, য’ত তেওঁক পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰিবলৈ কোৱা হ’ব।

কে কে আহছান ৱাগান পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী প্ৰবীণ কূটনীতিবিদ। তুৰ্কমেনিস্তানত ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে তেওঁ কাঠমাণ্ডুত থকা পাকিস্তান দূতাবাসত দ্বিতীয় সচিব আৰু লছ এঞ্জেলছৰ পাকিস্তান কনছুলেটত উপ-কনছুল জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

পাকিস্তানী সূত্ৰই প্ৰকাশ কৰিছে যে এই ঘটনা কোনো দ্বিপাক্ষিক কূটনৈতিক সমস্যাৰ বাবে হোৱা নাই। কিন্তু আমেৰিকাত থকা সময়ছোৱাত ৱাগানৰ কিছু প্ৰশাসনিক অভিযোগ থাকিব পাৰে, যাৰ বাবে তেওঁক প্ৰৱেশ কৰিব দিয়া নাই।

যোৱা সপ্তাহত ৰয়টাৰে প্ৰকাশ কৰা বাতৰি অনুসৰি ট্ৰাম্প প্ৰশাসনে অতি সোনকালে পাকিস্তানীৰ আমেৰিকাত প্ৰৱেশৰ ক্ষেত্ৰত নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিকল্পনা কৰিছে, যাৰ ফলত পাকিস্তানী নাগৰিকৰ বাবে আমেৰিকাত প্ৰৱেশ কৰাত অধিক অসুবিধাৰ সৃষ্টি হ’ব।