NORTHEAST NOW (Assamese)
Popular Stories

ডুমডুমা মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত সপ্তাহজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2025 1:11 pm

ডুমডুমা মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত ৩ মাৰ্চ,২০২৫ৰ পৰা ৯ মাৰ্চ, ২০২৫ লৈকে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সপ্তাহজোৰা উদযাপন কৰা হয়।মহিলা কোষৰ উদ্যোগত আৰু ছাত্ৰ একতা সভাৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা যেনে- পাঞ্জা, কবিতা আবৃত্তি, পৰম্পৰাগত সাজ-পোছাক আদিৰ আয়োজন কৰি বিজয়ীসকলক প্ৰমাণপত্ৰৰে পুৰস্কৃত কৰা হয়।

ছাত্ৰীসকলৰ মাজত যোগাসনৰ কাৰ্যসূচীৰো আয়োজন কৰা হয়। শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা বৰ্ণালী দলেই মহিলাৰ সু-মানসিক স্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে বক্তৃতা প্ৰদান কৰে।

অধ্যাপকসকলৰ মাজত এখন কবিতা আবৃত্তি প্ৰতিযোগিতাও আয়োজন কৰা হয়। ৮ মাৰ্চত মানখোৱাৰ সামূহিক স্বাস্থ্য বিষয়াই স্বাস্থ্য আৰু পুষ্টি বিষয়ক বক্তৃতা প্ৰদান কৰে। ডিগবৈ স্বাস্থ্য আৰু অভিযান্ত্ৰিক বিভাগৰ একাংশ প্ৰতিনিধিয়ে উক্ত দিনটোত ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে।

৯ মাৰ্চত মহিলা কোষৰ আহ্বায়ক চৈয়দা চেমিম জাহানে এক ৱাকাথন আয়োজন কৰে যত এনচিচি আৰু এনএছএছৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে। ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলেশ্বৰ কলিতাই এই সপ্তাহজোৰা পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ শলাগ লয়।