NORTHEAST NOW (Assamese)
Popular Stories

তামিল লিখিব-পঢ়িব জানিলেহে পাব চৰকাৰী চাকৰি- মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়দান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2025 12:49 pm

চৰকাৰী চাকৰি এটা পাবলৈ হলে প্ৰথমে তামিল পঢ়িব আৰু লিখিব জানিব লাগিব। এই নিৰ্দেশ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে দিছে। তামিলনাডু বিদ্যুৎ বৰ্ডৰ এগৰাকী কনিষ্ঠ সহায়ক তামিল ভাষা (বাধ্যতামূলক) পৰীক্ষাত ব্যৰ্থ হোৱাৰ পাছতে গোচৰ ৰুজু কৰা হয়। সেই গোচৰত উচ্চ ন্যায়ালয়ে স্পষ্ট নিৰ্দেশনা দিছিল।

জানিব পৰা মতে, তামিলনাডুৰ থেনি অঞ্চলৰ বাসিন্দা এম জয়কুমাৰ নামৰ যুৱকজনে চাকৰি পোৱাৰ দুবছৰৰ পাছতো তামিল ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হব পৰা নাছিল। সেইবাবেই তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। অৱশ্যে চাকৰি হেৰুৱাই পোনে পোনে আদালতলৈ যায় কৰ্মীজন। কৰ্মীজনে কয় যে তেওঁৰ পিতৃয়ে নৌসেনাত কৰ্মৰত আছিল। সেইবাবেই তেওঁ চিবিএছই স্কুলত পঢ়াৰ বাবে কেতিয়াও তামিল শিকিব পৰা নাছিল।

তামিলনাডু বিদ্যুৎ বৰ্ডৰ বিৰুদ্ধে জয়কুমাৰৰ আবেদনৰ শুনানিৰ সময়ত ন্যায়াধীশ জি জয়চন্দ্ৰন আৰু আৰ পূৰ্ণিমাই এই প্ৰশ্ন উত্থাপন কৰে যে তামিল নজনাকৈ চৰকাৰী কৰ্মচাৰীয়ে কেনেকৈ কাম কৰিব পাৰে? চৰকাৰী কৰ্মচাৰীয়ে নিজে তামিল ভাষা ভালদৰে নাজানিলে কি কৰিব পাৰি? তেওঁলোকে নিজৰ দৈনন্দিন কাম-কাজ কেনেকৈ পৰিচালনা কৰিব? ইয়াৰ পাছত বিচাৰপীঠে নিৰ্দেশ দিয়ে যে যিকোনো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে ৰাজ্যখনৰ ভাষা জানিব লাগিব। নাজানিলে কৰিব পৰা একো নাই।

উচ্চ ন্যায়ালয়ে আৰু নিৰ্দেশ দিয়ে যে চাকৰি প্ৰাৰ্থীসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত তামিল ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হব লাগিব। কোনোবাই তামিল নজনাকৈ চৰকাৰী চাকৰি বিচাৰিলে একেবাৰে সহ্য কৰা নহব। ইয়াৰ পাছত আদালতে দুয়োপক্ষকে চূড়ান্ত যুক্তিৰ বাবে সাজু হবলৈ নিৰ্দেশ দিয়ে আৰু ছয় সপ্তাহৰ ভিতৰত শুনানিৰ বাবে গোচৰটো পোষ্ট কৰে।

উল্লেখ্য যে, ইতিমধ্যে তামিলনাডু চৰকাৰে কেন্দ্ৰৰ বিৰুদ্ধে হিন্দী জাপি দিয়াৰ বিষয়টো উত্থাপন কৰিছে। কেন্দ্রই ঘোষণা কৰিছিল যে নতুন শিক্ষা নীতিৰ অধীনত ছাত্র-ছাত্রীসকলে তৃতীয় ভাষা শিকাৰ সুযোগ পাব৷ তামিলনাডুত তেলেগু ভাষাৰ উপৰিও ইংৰাজী শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। সেই ৰাজ্যৰ ডিএমকে চৰকাৰে অভিযোগ কৰিছে যে কেন্দ্ৰই প্ৰকৃততে হিন্দীক তৃতীয় ভাষা বুলি কৈ জাপি দিবলৈ চেষ্টা কৰিছে।