NORTHEAST NOW (Assamese)
Popular Stories

মাজনিশা ছাগলী মাংস খোৱাৰ হেঁপাহ! ৰান্ধিবলৈ অস্বীকাৰ কৰা বাবে পত্নীৰ প্ৰাণ কাঢ়িলে স্বামীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 13, 2025 12:30 pm

ছাগলী মাংসৰ তৰকাৰী খাবলৈ ইচ্ছা গ’ল স্বামীৰ। সেইবাবেই ঘৈণীয়েকক মাজনিশা ৰান্ধিবলৈ আদেশ দিলে। কিন্তু স্বামীৰ অনুৰোধ শুনাৰ লগে লগে কলে যে ইমান পলমকৈ ৰান্ধিব নোৱাৰি। সেই খঙতে স্বামীয়ে পত্নীক হত্যা কৰে।

ঘটনাটো তেলেংগানাৰ মহাবুবাবাদৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি মহিলাগৰাকীৰ নাম মালোট কালাৱতী, আৰু তেওঁৰ বয়স ৩৫ বছৰ। বুধবাৰে মাজনিশা কন্যা আৰু জোঁৱাইৰ মাজত কাজিয়া হোৱা বুলি অভিযোগ উত্থাপন কৰে মৃতকৰ মাতৃয়ে।

মহিলাগৰাকী শুই আছিল যদিও মাজনিশা জোঁৱায়েকে ফোন কৰি মাংস ৰান্ধিবলৈ বাধ্য কৰাইছিল। কিন্তু শুই থকাৰ বাবে স্বামীৰ অনুৰোধ মানি নললে। তাৰ পিছতে আৰম্ভ হল অসুবিধা।

কালাৱতীৰ মাতৃয়ে আৰু অভিযোগ উত্থাপন কৰে যে জোঁৱায়েকে কন্যাক প্ৰহাৰ কৰি হত্যা কৰিছিল। পিছত আৰক্ষীৰ ওচৰলৈ গৈ সমগ্ৰ বিষয়টো খবৰ দিয়ে আৰু বুধবাৰে পুৱা আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তদন্তকাৰীয়ে তদন্ত কৰি আছে যে এইটো তীব্ৰ প্ৰহাৰৰ ফল নেকি বা ইয়াৰ আঁৰত আন কোনো কাৰণ আছিল নেকি।