NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতৰ পৰা গ্ৰেপ্তাৰ আমেৰিকাৰ ‘মষ্ট ৱাণ্টেড’! ৮.৩ ট্ৰিলিয়ন টকাৰ ক্ৰিপ্টো জালিয়াতিৰ অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 13, 2025 1:44 pm

ক্ৰিপ্টো জালিয়াতিৰ গোচৰত অভিযুক্ত আমেৰিকাৰ ‘মষ্ট ৱাণ্টেড’ তালিকাত থকা লিথুৱেনিয়াৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে কেৰালাত। আৰক্ষীয়ে জনোৱা মতে, ধৃত ব্যক্তিজন ক্ৰিপ্টো জালিয়াতিৰ অন্যতম গোটৰ নেতা।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ নাম আলেকচেজ বেছয়োকভ। তেওঁ ‘গেৰেণ্টেক্স’ নামৰ এটা ক্ৰিপ্টো এক্সচেঞ্জ খুলিছিল। অভিযোগ অনুসৰি তেওঁ ক্ৰিপ্টো ব্যৱহাৰ কৰি হেকিংকে ধৰি বিভিন্ন অপৰাধমূলক কামত বিনিয়োগ কৰিছিল। প্ৰায় ৮.৩ ট্ৰিলিয়ন টকাৰ ক্ৰিপ্টো জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিল আলেক্সেৰ। তেতিয়াৰ পৰাইপলাতক হৈ আছিল। আমেৰিকাৰ ‘মষ্ট ৱাণ্টেড’ তালিকাতো তেওঁৰ নাম আছে। আমেৰিকাই বহুদিনৰ পৰাই এলেক্সক বিচাৰি আছিল। অৱশেষত আমেৰিকাৰ চোৰাংচোৱা সংস্থাই গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে যে এলেক্স দক্ষিণ ভাৰতৰ এখন ৰাজ্যত আত্মগোপন কৰি আছে।

তেতিয়াৰ পৰাই আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে এলেক্সৰ সন্ধানত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ সৈতে যোগাযোগ স্থাপন কৰি আহিছে। প্ৰসংগক্ৰমে কেৰালাত আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াইছিল। ইয়াৰ কিছু সময়ৰ পাছতে বুধবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আমেৰিকাৰ চোৰাংচোৱা সূত্ৰৰ মতে, আলেক্সজে ‘গেৰেণ্টেক্স’ নামৰ এটা ক্ৰিপ্টো এক্সচেঞ্জ চলাই আছিল আৰু বিনিয়োগ আৰু ব্যৱসায়ত নিয়োজিত আছিল। সেই ধন বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ আৰু সন্ত্ৰাসবাদী সংগঠনৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। কেৱল সেয়াই নহয়, তেওঁৰ কোম্পানীত ক্ৰিপ্টো জালিয়াতিৰ অভিযোগো উত্থাপন হৈছিল। ২০২২ চনত আমেৰিকাই এলেক্সক নিষিদ্ধ কৰিছিল। ইয়াৰ কিছু সময়ৰ পিছতে তেওঁ আমেৰিকা পলায়ন কৰে।

কেৰালাত এলেক্সৰ অৱস্থাৰ খবৰ পোৱাৰ পাছতে আমেৰিকাই ভাৰত চৰকাৰৰ সৈতে যোগাযোগ কৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প চৰকাৰৰ অনুৰোধত চলিত সপ্তাহৰ আৰম্ভণিতে আলেক্সীৰ গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল। ইয়াৰ কিছু সময়ৰ পাছতে চিবিআই আৰু কেৰালা আৰক্ষীৰ যৌথ অভিযানত তিৰুৱনন্তপুৰমৰ পৰা এলেক্সক গ্ৰেপ্তাৰ কৰা হয়।