NORTHEAST NOW (Assamese)
দেশ

ফাকুৱাত মুছলমানসকলক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান বিজেপি বিধায়কৰ   

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 13, 2025 5:54 pm

ভাৰতত ধৰ্মীয় বাদ বিবাদ অন্তহীন এক অধ্যায়। বিভিন্ন সময়ত ধৰ্মীয় বাদ বিবাদে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে। শেহতীয়াকৈ বিজেপি বিধায়ক হৰিভূষণ ঠাকুৰে হোলী উৎসৱত মুছলমানসকলক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান কৰা কাৰ্যক বিহাৰৰ ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱে তীব্ৰভাৱে সমালোচনা কৰিছে।

লালু প্ৰসাদ যাদৱৰ হিন্দুত্ববাদী উগ্ৰবাদৰ বিৰোধী ঐতিহ্যক সোঁৱৰাই তেজস্বীয়ে সতৰ্ক কৰি দিছে যে বিহাৰে সংখ্যাগৰিষ্ঠতাৰ আধিপত্যবাদক প্ৰতিহত কৰিব বুলি উল্লেখ কৰি ১৯৯০ৰ দশকত লালুৰ দ্বাৰা ভিএইচপি নেতা টোগাডিয়া আৰু সিংহলক অপদস্থ কৰাৰ দৰে ঐতিহাসিক ঘটনাৰ বিষয়ে উল্লেখ কৰে।

তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী নীতীশ কুমাৰক ৰাজনৈতিক নিৰ্বিকাৰতাৰ বাবে অভিযুক্ত কৰিছে। তেজস্বীৰ এই স্থিতিয়ে  নিৰ্বাচনমুখী বিহাৰত এফালে হিন্দুত্ব আৰু আনফালে সামাজিক ন্যায় আৰু ধৰ্মনিৰপেক্ষ ৰাজনীতিৰ মাজত বিভাজন আৰু অধিক গভীৰ কৰি তুলিছে।

অন্যান্য বিৰোধী দলসমূহে নীৰৱতা অৱলম্বন কৰাৰ বিপৰীতে এক স্পষ্ট বিৰোধী অৱস্থান গ্ৰহণ কৰিছে।