NORTHEAST NOW (Assamese)
অসম

ৰাইজৰ দলত গৰাখহনীয়া! জ্ঞানেন চক্ৰৱৰ্তীক দলৰ পৰা অব্যাহতি দিয়াৰ পিছত নলবাৰীত সমূহীয়া পদত্যাগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 13, 2025 8:55 pm

ৰাইজৰ দলত ভয়ংকৰ খহনীয়া। ৰাইজৰ দলৰ নলবাৰী জিলা কমিটিৰ নেতা জ্ঞানেন চক্ৰৱৰ্তীক দলৰ পৰা অব্যাহতি দি যেন আত্মঘাতী সিদ্ধান্ত ল’লে ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটীয়ে।

আজি কিছুদিন আগতে সামাজিক মাধ্যমত অখিল গগৈক সমালোচনা কৰিছিল জ্ঞানেন চক্ৰৱৰ্তীয়ে। তাৰপিছত চক্ৰৱৰ্তীলৈ কাৰণ দৰ্শোৱা জাননইি প্ৰেৰণ কৰি দলৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল। ৰাইজৰ দলৰ এই অসহিষ্ণুতাক সমালোচনা কৰছিল সচেতন লোকসকলে।

ইয়াৰ পিছতে এই সিদ্ধান্তৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে নলবাৰীৰ জিলা কমিটীয়ে ৰাইজৰ দলৰ পৰা সমূহীয়া পদত্যাগ কৰে।

জানিব পৰা মতে, নলবাৰী জিলা কমিটিৰ সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদকে আজি একেলগে পদত্যাগ কৰে।

নলবাৰী প্ৰেছ ক্লাবত পদত্যাগৰ কথা সদৰী কৰিলে কৰি ভালেমান নেতা কৰ্মীয়ে ৰাইজৰ দলৰ ত্যাগ কৰে।