NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ বিমান আক্ৰমণত নিহত আইছিছৰ শীৰ্ষ নেতা আবু খাদিজাহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 15, 2025 3:15 pm

ইৰাকৰ আল আনবাৰ প্ৰদেশত আমেৰিকা আৰু ইৰাকৰ নিৰাপত্তা বাহিনীৰ যৌথ বিমান আক্ৰমণত আইছিছ গোটৰ শীৰ্ষ অধিনায়ক আবু খাদিজাহ নিহত হৈছে। যাৰ প্ৰকৃত নাম আব্দুল্লাহ মাকি মুছলিহ আল ৰিফাই। এই আক্ৰমণত আন এজন আইছিছ যোদ্ধাও নিহত হয়।

আবু খাদিজাহ আছিল আইছিছৰ বিশ্বব্যাপী অভিযানৰ মুৰব্বী। তেওঁ বিশ্বজুৰি এই সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্যকলাপৰ অন্যতম প্ৰধান নেতা আছিল।

আক্ৰমণৰ পিছত আক্ৰমণকাৰীৰ পৰা একাধিক অস্ত্ৰ-শস্ত্ৰ আৰু আত্মঘাতী ভেষ্ট উদ্ধাৰ কৰা হৈছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই জানিবলৈ দিয়ে। ডি এন এ পৰীক্ষাৰ জৰিয়তে তেওঁলোকৰ পৰিচয় নিশ্চিত কৰা হৈছে। পূৰ্বৰ অপাৰেচনৰ সময়ত তেওঁলোকৰ ডি এন এ সংগ্ৰহ কৰা হৈছিল।

চেণ্টকমৰ কমাণ্ডাৰ মাইকেল কুৰিলাই কয় যে ‘আবু খাদিজাহ আইছিছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সদস্য আছিল। আমাৰ লক্ষ্য হৈছে আমাৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সন্ত্ৰাসবাদী গোটৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ কৰা।’

ইৰাকৰ প্ৰধানমন্ত্ৰী মহম্মদ ছিয়া আল চুডানীয়ে এই অভিযানৰ প্ৰশংসা কৰে। আবু খাদিজাহক “বিশ্বৰ অন্যতম বিপজ্জনক সন্ত্ৰাসবাদী” হিচাপে চিনাক্ত কৰা হৈছে। তেওঁ কয় যে আমেৰিকা নেতৃত্বাধীন আন্তঃৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ সহযোগত এই অভিযান সফলতাৰে সমাপ্ত কৰা হৈছে।

উল্লেখ্য যে ২০২৩ চনত আমেৰিকাই আবু খাদিজাহক ইৰাক আৰু ছিৰিয়াত আইছিছৰ তথাকথিত গৱৰ্ণৰ হিচাপে চিনাক্ত কৰি অনুমোদন জনাইছিল।

ইফালে ২০১৭ চনত আইছিছৰ ভূখণ্ডৰ পৰাজয়ৰ পিছতো এই গোটটো সক্ৰিয় হৈ আছে। ইৰাক আৰু ছিৰিয়াৰ কিছুমান অঞ্চলত এতিয়াও আইছিছৰ অস্তিত্ব আছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা পোষ্টত কয় যে “আইছিছৰ শীৰ্ষ নেতাক হত্যা কৰা হৈছে। আমাৰ বাহিনীয়ে তেওঁৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অন্ত পেলাইছে।”

বৰ্তমান ইৰাকত প্ৰায় ২৫০০ আমেৰিকান সৈন্য আছে, যিয়ে ইৰাকী বাহিনীক সন্ত্ৰাসবাদ বিৰোধী অভিযানত সহায় কৰি আছে।