NORTHEAST NOW (Assamese)
অসম

সুধাকন্ঠৰ কুঠৰিস্থিত বাসগৃহত শীঘ্ৰে নিৰ্মাণ হ’ব সাংস্কৃতিক প্ৰকল্প, ৭ বিঘা ভূমি হস্তান্তৰ সাংস্কৃতিক বিভাগক

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা August 5, 2021 10:18 am
mojk

অৱশেষত বহুতো কল্পনা জল্পনাৰ ওৰ পৰিল। সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰিস্থিত বাসগৃহসহ ৭ বিঘা ভূমি হস্তান্তৰ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগক।

সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ কুঠৰিস্থিত বাসগৃহত শীঘ্ৰে নিৰ্মাণ হ’ব সাংস্কৃতিক প্ৰকল্পৰ কাম।
সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰিস্থিত বাসগৃহসহ ৭ বিঘা ভূমি সমহৰ্তা তথা নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ে অধিগ্ৰহণ কৰি অধিকৃত ভূমিসহ ভূপেনদাৰ গৃহটি হস্তান্তৰ কৰিলে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগক।

প্ৰয়াত ড০ভূপেন হাজৰিকাৰ নামত থকা কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বাৰ বাগৰি মৌজাৰ ন-জান গাঁৱৰ পটা নম্বৰ ১৫ আৰু দাগ নম্বৰ ২৮৮,২৯০ আৰু ২৯১ দাগৰ মুঠ ৭ বিঘা ভুমি ভাইড অৰ্ডাৰ নং NRK 16/2018/137 dt. 15/07/21 মৰ্মে জিলা উপায়ুক্তৰ প্ৰতিনিধি হিচাপে অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে ১৬ জুলাই তাৰিখে ভূমি সহ গৃহটি হস্তান্তৰ কৰে।

সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ কুঠৰিস্থিত বাসগৃহটি সংৰক্ষণ কৰি ইয়াত এটি সাংস্কৃতিক প্ৰকল্প গঢ়ি তোলাৰ কলিয়াবৰীয়া ৰাইজ তথা ভূপেনদাৰ গুণমুগ্ধ সকলৰ দীৰ্ঘদিনীয়া দাবী আছিল।

ভূপেনদাৰ গুণমুগ্ধ সকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কুঠৰিস্থিত বাসগৃহত ইতিমধ্যে ভূপেনদাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছিল।

কিছুদিন পূৰ্বে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা কুঠৰিস্থিত বাসগৃহত উপস্থিত হৈ শীঘ্ৰে উক্ত স্থানত এটি সংস্কৃতিক প্ৰকল্প নিৰ্মান হ’ব বুলি সাংবাদিকক জানিব দিছিল।

উল্লেখ্য যে¸১৯৭৪ চনত শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ আহ্বানত কলিয়াবৰৰ কুঠৰীত সুধাকণ্ঠই এই ঘৰটি সাজিছিল।

বিগত সময়চোৱাত সুধাকণ্ঠৰ এই ঘৰটিৰ জৰাজীৰ্ণ ৰূপৰ বিষয়ে সংবাদ মাধ্যমত বহুবাৰ বাতৰি পৰিবেশন হোৱাৰ লগতে ঘৰতিৰ মেৰামতিৰ বাবেও দাবী উত্থাপিত হৈ আহিছিল যদিও বৰ্তমান সেই সমস্যা সমাধানৰ পথত।