NORTHEAST NOW (Assamese)
জীৱনশৈলী

মাহেকীয়াৰ সময়ত পেট বিষ কিয় হয়? জানো আহক উপশমৰ উপায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2025 7:12 am

মাহেকীয়াৰ সময়ত মহিলাসকলৰ পেট বিষ হোৱাতো এক স্বাভাৱিক কথা। পেট বিষৰ লগতে মুড চুইং আৰু খিঙখিঙিয়া হোৱাটোও এক লক্ষণ।

মাহেকীয়াৰ সময়ত মহিলাসকলৰ পেট বিষ (Menstrual Cramps) হোৱাৰ প্ৰধান কাৰণ হৈছে জৰায়ু(uterus) সংকোচন। মাহেকীয়া হোৱাৰ সময়ত জৰায়ুটো অতি সক্ৰিয়ভাৱে সংকুচিত হয়, যাৰ ফলত ৰক্ত নলীত অক্সিজেনৰ অভাৱ হয় আৰু বিষ অনুভৱ হয়।

মাহেকীয়াৰ সময়ত পেট বিষ হোৱাৰ কিছু মুখ্য কাৰণ –

প্ৰোস্টাগ্লেণ্ডিন (Prostaglandins) বৃদ্ধি : ই এটা ৰাসায়নিক পদাৰ্থ, যি জৰায়ু সংকোচন কৰে। এই পদাৰ্থ অধিক মাত্রাত থাকিলে জৰায়ু অধিক সংকোচন হয় আৰু বিষ বেছিকৈ অনুভূত হয়।

হৰম’নৰ  পৰিৱৰ্তন : ইষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰ’ন হৰম’নৰ খেলিমেলিৰ বাবেও মাহেকীয়াৰ সময়ত পেট বিষ অনুভৱ হ’ব পাৰে।

এণ্ড’মিট্ৰিঅ’ছিছ (Endometriosis) : জৰায়ুৰ বাহিৰত এণ্ড’মিট্ৰিঅ’ছিছ নামৰ কোষৰ বৃদ্ধি হ’লে পেট বিষ হ’ব পাৰে।

PCOS (Polycystic Ovary Syndrome) :  অসন্তুলিত হৰম’নৰ বাবে অনিয়মীয়া মাহেকীয়া হয়। মাহেকীয়া অনিয়মীয়া হ’লে পেটৰ বিষ অধিক হোৱাৰ সম্ভাৱনা থাকে।

পানী কম খোৱা : পানী কমকৈ খালে জৰায়ুৰ সংকোচন বেছিকৈ হয় আৰু পেটত গেছ হোৱাৰ সম্ভাৱনা থাকে, যি মাহেকীয়াৰ সময়ত বিষ বৃদ্ধি কৰিব পাৰে।

মাহেকীয়াৰ সময়ত হোৱা বিষৰ পৰা উপশম পোৱাৰ সহজ ঘৰুৱা উপায় –

১. গৰম পানীৰ বেগ পেটত ৰাখিলে জৰায়ুৰ সংকোচন কমি যায় আৰু বিষ কমি যায়।
২. আদা দিয়া চাহে জৰায়ুৰ সংকোচন হ্ৰাস কৰি বিষ নিৰাময়ত সহায় কৰে।
৩. হালধিত এণ্টি-ইনফ্লেমেটৰী গুণ থাকে। গতিকে, গাখীৰৰ লগত হালধী মিলাই খাল মাহেকীয়াৰ বিষ কমিব পাৰে।
৪. তুলসী হৈছে প্ৰাকৃতিক পেইনকিলাৰ। গৰম পানীৰ সৈতে তুলসী পাতৰ ৰস সেৱন কৰাতো বিষৰ বাবে উপকাৰী।
৫. পেটৰ তলৰ ফালে তেল দি মৃদুভাৱে মালিচ কৰিলে জৰায়ুৰ সংকোচন কমি যায়। ফলত বিষৰ পৰা উপশম পাব পাৰি।
৬. পাতল ব্যায়াম বা যোগ যেনে – কাপালভাতি, ভুজংগাসন, আৰু সুকাসন আদিয়ে জৰায়ুৰ সংকোচন হ্ৰাস কৰাত সহায় কৰে।

৭. অতি ঠাণ্ডা পানী খোৱাতো মাহেকীয়াৰ সময়ত বাদ দিব লাগে। ঠাণ্ডা বস্তুবোৰ খালে জৰায়ুৰ সংকোচন বেছি হয়। সেয়ে গৰম পানী বা গৰম চাহ খাব লাগে।
৮. ক্যাফেইনযুক্ত খাদ্যই জৰায়ুত সংকোচন বৃদ্ধি কৰে। সেইবাবে চকলেট আদি খোৱাৰ পৰা বিৰত থাকক।
৯. পটাচিয়ামযুক্ত খাদ্য যেনে কল, মৌজোল, গাখীৰ, কলমৌ শাক ইত্যাদি খাব লাগে। ই মাহেকীয়াৰ সময়ত হোৱা পেট বিষ উপশম কৰাত সহায় কৰে।

যদি অসহনীয় বিষ হয় বা মাহেকীয়া অনিয়মিত হয় তেন্তে শীঘ্ৰে ডাক্তৰৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।