NORTHEAST NOW (Assamese)
জীৱনশৈলী

নিশাৰ আহাৰ কিয় সোনকালে খাব লাগে? পলমকৈ খালে হ’ব বিপদ…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 20, 2025 6:30 am

প্ৰতিটো পৰিয়ালৰ খাদ্য গ্ৰহণৰ নিৰ্দিষ্ট সময় থাকে, কিন্তু বহুতেই নিশাৰ আহাৰৰ সঠিক সময়ৰ বিহিত নাজানে। বিশেষকৈ ৰাতিৰ আহাৰ কেতিয়া খাব লাগে, তাৰ বিষয়ে অনেকেই অজ্ঞাত। ফলত স্বাস্থ্যৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। চিকিৎসকসকলৰ মতে, সঠিক সময়ত নিশাৰ আহাৰ গ্ৰহণ কৰিলে ওজন নিয়ন্ত্ৰণ, তেজত শৰ্কৰা নিয়ন্ত্ৰণ আৰু বদ হজমৰ দৰে সমস্যাৰ পৰা ৰক্ষা পোৱা যায়।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি সুস্থ জীৱনশৈলীৰ বাবে ৰাতিৰ আহাৰ সন্ধিয়া ৭ৰ পৰা ৮ বজাৰ ভিতৰত খোৱাটো উত্তম। শুবলৈ যোৱাৰ কমেও ২-৩ ঘণ্টা আগতে আহাৰ গ্ৰহণ কৰিলে শৰীৰে খাদ্য হজমৰ বাবে পৰ্যাপ্ত সময় পায়। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়া সুস্থ থাকে, ওজন নিয়ন্ত্ৰণত থাকে আৰু ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰিত হয়। ইয়াৰ উপৰিও পেটৰ সমস্যা যেনে গেছ আৰু এচিডিটিৰ পৰা সুৰক্ষা পোৱা যায়। সোনকালে নিশাৰ আহাৰ খোৱাৰ পিছত সামান্য খোজকাঢ়িলে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু ভাল টোপনি হয়।

 বিশেষজ্ঞৰ মতে গভীৰ নিশা, যেনে ১০ বজাৰ পিছত আহাৰ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ইয়াৰ ফলত বদহজম, গেছ, এচিডিটিৰ দৰে সমস্যাৰ লগতে ওজন বৃদ্ধি আৰু ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা বাঢ়ে। দেৰীকৈ খোৱাৰ বাবে শৰীৰৰ চৰ্বি হ্ৰাসৰ প্ৰক্ৰিয়া লেহেমীয়া হয় আৰু বিপাকীয় ক্ৰিয়াতো ব্যাঘাত জন্মে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি, সু-স্বাস্থ্যৰ বাবে নিশাৰ আহাৰ সময়মতে গ্ৰহণ কৰাটো অতি জৰুৰী।