NORTHEAST NOW (Assamese)
অসম

পৰীক্ষা পিছুৱালে চৰকাৰে : ৬ এপ্ৰিলতহে অনুষ্ঠিত হ’ব অসম আৰক্ষী কনিষ্টবলৰ লিখিত পৰীক্ষা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 16, 2025 8:47 pm

২৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসম আৰক্ষী কনিষ্টবল (এবি এণ্ড ইউ বি)ৰ লিখিত পৰীক্ষা ৬ এপ্ৰিললৈ পুনৰ নিৰ্ধাৰণ কৰা হৈছে। ফলাফলত অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ডিজিপি কাৰ্যালয়ৰ বাহিৰত একাংশ প্ৰাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই।

উল্লেখ্য যে কাট অফ মাৰ্কক লৈ সৃষ্টি হোৱা বিতৰ্কইও প্ৰাৰ্থীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰসংগ ক্ৰমে যোগ্য প্ৰাৰ্থীয়ে ১ এপ্ৰিলৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে পৰীক্ষাৰ বাবে এডমিট কাৰ্ডৰ ছপা কপি আৰু আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, বা ভোটাৰ আইডি ল’গত আনিবলৈ  আহ্বান জনাইছে।