NORTHEAST NOW (Assamese)
Popular Stories

অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ DYFI-ৰ; বঙাইগাঁও জিলাত পৰ্যবেক্ষক সমিতিৰ বিৰুদ্ধে অভিযোগ 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 21, 2025 7:16 pm

অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম আৰু খামখেয়ালীৰ অভিযোগ উঠিছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ বঙাইগাঁও-চিৰাং জিলা কমিটিয়ে এই অনিয়মৰ কথা উল্লেখ কৰি জিলা আয়ুক্তৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। জিলা কমিটিৰ সভাপতি ৰকিবুল ইছলাম আকন্দ আৰু সম্পাদক শুভংকৰ ঘোষৰ নেতৃত্বত ১০ জনীয়া এটি সজাতি দলে স্থানীয় কিছু লোকৰ উপস্থিতিত এই স্মাৰকপত্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰে। জিলা আয়ুক্তৰ হৈ জিলা উন্নয়ন আয়ুক্ত (D.D.C.)ই এই স্মাৰকপত্ৰ গ্ৰহণ কৰে।

অৰুণোদয় আঁচনিৰ মূল উদ্দেশ্য হৈছে ৰাজ্যখনৰ অৰ্থনৈতিকভাৱে দুৰ্বল মহিলাসকলক আৰ্থিক সহায় আগবঢ়োৱা। কিন্তু, বঙাইগাঁও জিলাৰ পৰ্যবেক্ষক সমিতিয়ে এই আঁচনিৰ হিতাধিকাৰী বাছনি কৰোঁতে যথেষ্ট খামখেয়ালী আৰু অনিয়ম সংঘটিত কৰিছে। জিলাখনৰ বিশেষকৈ ১, ২, ৩ নং জাৰাগুৰী, নাচনকুৰী, গৰাইমাৰী, হাপাছাৰা, ১, ২ নং গাৰুগাঁও আদি গাঁৱত এই অনিয়ম পৰিলক্ষিত হৈছে। 

বিধৱা, বিবাহ বিচ্ছেদিত, অবিবাহিত, স্বামীৰ পৰা পৃথকে থকা আৰু বিশেষভাৱে সক্ষম মহিলাসকলক প্ৰাধান্য দি হিতাধিকাৰী বাছনি কৰাৰ পৰিৱৰ্তে, ঘৰত চাৰিচকীয়া বাহন, ফ্ৰীজ, ট্ৰেক্টৰ আদিৰ দৰে সুবিধা থকা আৰু চাকৰি থকা পৰিয়ালৰ মহিলাসকলকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে। ইয়াৰ উপৰিও, একেটা পৰিয়ালৰ পৰা একাধিক হিতাধিকাৰী বাছনি কৰাৰ ঘটনাও দেখা গৈছে বুলি অভিযোগ আনে। জিলাখনৰ হাপাছাৰা গাঁও পঞ্চায়তৰ ১০ নং ওৱাৰ্ডত পূৰ্বৰ হিতাধিকাৰীসকলৰ বাহিৰে নতুনকৈ কোনো যোগ্য মহিলাৰ নাম বাছনি তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই অনিয়মৰ বাবে আঁচনিখনৰ মূল উদ্দেশ্য পূৰণ কৰাত বাধাৰ সৃষ্টি হৈছে বুলি সংগঠনটোৱে অভিযোগ কৰে। 

সঁজাতি দলটোৱে জিলা আয়ুক্তক এই অনিয়মৰ প্ৰতি সজাগ হৈ অনতিবিলম্বে সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে সতৰ্ক কৰি দিয়ে যে যদি এই অনিয়মৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা নলয়, তেন্তে তেওঁলোকে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব।