NORTHEAST NOW (Assamese)
Popular Stories

প্ৰস্তুতি সম্পূৰ্ণ! কবি নীলমণি ফুকন ক্ষেত্ৰত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰেপৰা আৰম্ভ “বোকাখাত গ্ৰন্থমেলা—২০২৫”              

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 22, 2025 7:37 am

আজিৰে পৰা বোকাখাতত আৰম্ভ হব বোকাখাত গ্ৰন্থমেলা২০২৫৷ প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত পাঁচদিনীয়াকৈ এই গ্ৰন্থমেলা অনুষ্ঠিত হব বোকাখাত নাট্যমন্দিৰত৷ ইতিমধ্যে সাজু হৈছে সকলো৷ বোকাখাতৰ প্ৰায় প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ৰ পোনপটীয়া অংশগ্ৰহণৰ সমান্তৰালকৈ প্ৰায় প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান-ৰাইজে সহযোগিতা আগবঢ়াইছে৷ উল্লেখ্য যে গ্ৰন্থ অধ্যয়নৰ জৰিয়তেহে সমাজৰ সামগ্ৰিক উত্তৰণ সম্ভৱ‘— এই চিন্তাকে মূল হিচাপে লৈ বোকাখাতত প্ৰস্তুতি সম্পূৰ্ণ হৈছে৷ উঠি অহা প্ৰজন্মৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ লক্ষ্য সন্মুখত ৰাখি অনুষ্ঠিত কৰিবলৈ লোৱা বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ বিশিষ্ট সংগীত শিল্পী, গায়ক নয়ন অসম কলীয়াবৰীয়াই কন্ঠদান কৰা বোকাখাত গ্ৰন্থমেলাৰ শীৰ্ষ গীত গ্ৰন্থইতিমধ্যেই বোকাখাতত মুকলি কৰা হয়৷

ইপিনে, বোকাখাতৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক চৰ্চাৰ অনুষ্ঠান প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু বোকাখাতৰ সচেতন ৰাইজৰ সহযোগত অহা ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ ৫দিনীয়া কাৰ্যসূচীৰে বোকাখাত নাট্য মন্দিৰ  প্ৰাংগনত অনুষ্ঠিত হবোকাখাত গ্ৰন্থমেলা -২০২৫৷ পুৱা ৯.১০ বজাত স্মৃতি তর্পণৰ পাছতে পতাকা উত্তোলন আৰু বোকাখাত গ্রন্থমেলা ২০২৫ৰ দ্বাৰ মুকলি কৰা হব৷ ইয়াৰ পাছতে বাৰেৰহণীয়া শোভাযাত্রা আৰম্ভ হব৷ আনহাতে, দুপৰীয়াৰ ভাগত গ্ৰন্থমেলাৰ বাকৰিত এটা চিত্র-ভাস্কর্য প্রদর্শনী আৰু ফটোগ্রাফী প্রদর্শন মুকলি কৰাৰ পাছতে বোকাখাতৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্রিকা প্রদর্শনী মুকলি কৰা হব৷

ইয়াৰ পাছতেই চিদানন্দ শইকীয়া আৰু জেহিৰুল হুছেইন সোঁৱৰণত মুকলি কৰিবলগীয়া প্রগতিশীল সাহিত্য সন্মিলনৰ পাছতেই সত্তৰৰ গোলাঘাটশীর্ষক প্রগতিশীল সাহিত্য সংকলন উন্মোচন কৰা হব৷ ইপিনে, সন্ধিয়া বোকাখাতৰ সাহিত্য আড্ডা শীৰ্ষক এক অনুষ্ঠানৰ পাছতেই কবিতা আবৃত্তি অনুষ্ঠান অনুষ্ঠিত কৰা হব৷ নিশা শিল্পী আইদেউ সন্দিকৈ আৰু মোহিনী ৰাজকুমাৰীৰ সোঁৱৰণত ৰফিকুল হোছেইনৰ পৰিকল্পনা, পৰিচালনাৰে তদন্তনাট্য সন্ধ্যা অনুষ্ঠিত কৰা হব৷ উল্লেখযোগ্য যে গ্ৰন্থমেলাৰ প্ৰতিটো অনুষ্ঠান একো একোগৰাকী প্ৰথিতযশা ব্যক্তিৰ সোঁৱৰণত উৎসৰ্গা কৰা হৈছে। আয়োজক সমিতিয়ে গ্ৰন্থমেলাৰ এই বৃহৎ আয়োজনৰ বাবে ৰাইজৰ লগতে বিভিন্ন দল সংগঠন, সংবাদ মাধ্যম আদিৰ সহায় সহযোগ,দিহা পৰামৰ্শ, উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।