NORTHEAST NOW (Assamese)
অসম

ইজৰাইলৰ বোমা আক্ৰমণত নিহত হামাছৰ সামৰিক চোৰাংচোৱা বিভাগৰ মুৰব্বী ওছামা তাবাছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 22, 2025 1:49 pm

ইজৰাইলৰ আক্ৰমণত নিহত হৈছে পেলেষ্টাইনৰ স্বাধীনতাকামী সংগঠন হামাছৰ সামৰিক চোৰাংচোৱাৰ মুৰব্বী ওছামা তাবাছ। শেহতীয়াকৈ ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এক বিবৃতিত এই কথা দাবী কৰিছে।

তেওঁলোকে জনোৱা মতে, ২০ মাৰ্চত দক্ষিণ গাজাত বিমান আক্ৰমণ চলোৱা হৈছিল। ইজৰাইলে হামাছৰ ঘাটিত বোমা বৰ্ষণ কৰে। তাতেই তাবাছৰ মৃত্যু হয় । তেওঁ হামাছৰ কেইবাটাও সংগঠনত শীৰ্ষ পদবী লাভ কৰিছিল। আইডিএফেও তেওঁক বহু আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে উল্লেখ কৰিছে।

ইজৰাইলৰ বিবৃতিত কোৱা হৈছে যে তাবাছ হামাছৰ চোৱাচিতা আৰু টাৰ্গেটিং ইউনিটৰ মুৰব্বীও আছিল। তেওঁ খান ইউনিছ ব্ৰিগেডৰ বেটেলিয়ন কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ স্থলভাগত হামাছৰ যুদ্ধ কৌশল নিৰ্ধাৰণ কৰিছিল। তেওঁ মূলতঃ দক্ষিণ গাজাত সক্ৰিয় আছিল।

আইডিএফে তেওঁৰ মৃত্যুক এক বৃহৎ সফলতা বুলি ভাবে। ইজৰাইলৰ এই দাবী সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই পেলেষ্টাইনী গোটটোৱে।

আইডিএফৰ বিবৃতিত দাবী কৰা হৈছে যে ২০০৫ চনত গাজা ষ্ট্ৰিপৰ গাছ কাটিফ জংচনত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড আছিল তাবাছ। লগতে তেওঁৰ ষড়যন্ত্ৰৰ বাবে বহু আক্ৰমণ সংঘটিত হৈছে।

ইজৰাইলৰ সৈতে যুদ্ধৰ সময়ত হামাছৰ লোকচানৰ কথা বিবেচনা কৰি তেওঁ নিজৰ সামৰিক শক্তি বৃদ্ধি কৰিছিল। চোৰাংচোৱা বিভাগতো বিশেষজ্ঞতা আছিল তবাছৰ।

ইজৰাইলে দাবী কৰিছে যে হামাছে নিজৰ দক্ষতা ব্যৱহাৰ কৰি কিছুমান ক্ষেত্ৰত আইডিএফৰ আক্ৰমণ প্ৰতিহত কৰাত সফল হৈছিল। তেওঁলোকৰ মতে, তাবাছৰ মৃত্যুৰ ফলত অনাগত দিনত হামাছৰ বিৰুদ্ধে সংগ্ৰাম সহজ হৈ পৰিব।