NORTHEAST NOW (Assamese)
অসম

আই পি এলৰ ধাৰাভাষ্যকাৰী দলৰ পৰা অপসাৰিত ইৰফান পাঠান; কি কৰিলে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 23, 2025 12:34 pm

শনিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হৈছে আই পি এলৰ অষ্টাদশ সংস্কৰণ। তাৰ আগতে ইৰফান পাঠানৰ বাবে আহিছে বেয়া খবৰ। এই মেগা ইভেণ্টৰ বাবে গঠন কৰা ধাৰাভাষ্যকাৰ দলটোত ইৰফান পাঠানক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

দেশৰ প্ৰাক্তন অল ৰাউণ্ডাৰগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যে পাঠানে কমেণ্টৰী দিওঁতে খেলুৱৈসকলক ব্যক্তিগতভাৱে সমালোচনা কৰিছিল।

সেই সমালোচনাৰ তীব্ৰতা ইমানেই বেছি আছিল যে ক্ৰিকেটাৰসকলে সেয়া ভালকৈ লোৱা নাই। তেওঁলোকে পাঠানৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। কোৱা হৈছে যে পাঠানে এজন ক্ৰিকেটাৰক ইমানে সমালোচনা কৰিছিল যে ক্ৰিকেটাৰজনে পাঠানৰ ফোন নম্বৰটোও ব্লক কৰিছিল।

পাঠানে দুবছৰমান ধৰি ধাৰাভাষ্য আগবঢ়াই আহিছে। আৰু ধাৰাভাষ্য দিয়াৰ সময়ত খেলুৱৈসকলক সমালোচনা কৰে। সকলোৱে এনে অভিযোগ কৰিছিল।

এই কাৰণেই ক্ষোভৰ সৃষ্টি হৈছিল। এইবাৰ তাৰ পৰিনাম হিচাপে ধাৰাভাষ্যকাৰী দলৰ পৰা পাঠানক আঁতৰাই দিয়া হ’ল।

কোনো ধাৰাভাষ্যকাৰীক আঁতৰোৱা এইটোৱেই প্ৰথম নহয়। ইয়াৰ পূৰ্বে সঞ্জয় মঞ্জৰেকাৰকো অপসাৰণ কৰা হৈছিল। কিংবদন্তি সুনীল গাভাস্কাৰৰ মন্তব্যক লৈ সততে সমালোচনা কৰা হয়।

কমেণ্টৰী টিমৰ পৰা আঁতৰাই পেলোৱাৰ পিছত ইৰফান পাঠানে এটা ইউটিউব চেনেল খুলিছে। তাত তেওঁ নিজৰ স্বতন্ত্ৰ মতামত প্ৰকাশ কৰিব। তাতে তেওঁক কোনেও বাধা নিদিয়ে।