NORTHEAST NOW (Assamese)
অসম

অসমত ৪০০ অতিক্ৰম ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2020 10:44 pm
Covid death toll in Assam reaches 930

আৰু ১৮গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৪১৪লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত বুধবাৰলৈকে ৩৯৬গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,০৩,৫০৪গৰাকী ব্যক্তিয়ে বুধবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত বুধবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৯,১৬৩ (।)

মুঠ ১,৩৩,০৬৬গৰাকী ব্যক্তি অসমত বুধবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।